ধেমাজি, ১৩ আগষ্ট (হি.স.)। ধেমাজি জিলাৰ ২নং মুৰ্কংচেলেক মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত সমষ্টিটোৰ অন্তৰ্গত প্ৰায় চাৰি শতাধিক মেধাৱী ছাত্র-ছাত্ৰীলৈ এককালীন আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয়। জোনাইৰ মূর্কংচেলেক কৃষ্টি ভৱন প্ৰাংগণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ পূঁজিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ ২নং মূর্কংচেলেক পৰিষদীয় সমষ্টিৰ অন্তৰ্গত প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীক টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনিৰ অধীনত আজি এককালীন জলপানি প্ৰদান কৰা হয়।
ছাত্ৰ-ছাত্ৰীসকলক অধিক উৎসাহিত কৰাৰ লগতে কিছু আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্যে মিচিং স্বায়ত্তশাসিত পৰিষদে এই শিক্ষামূলক আঁচনি বিগত কিছু বছৰ ধৰি গ্ৰহণ কৰি আহিছে। আজিৰ এই আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠানত স্বায়ত্তশাসিত পৰিষদৰ ২নং মূর্কংচেলেক পৰিষদীয় সমষ্টিৰ কাৰ্যনিৰ্বাহক সদস্য নৰশে কুম্বাং, জোনাই আঞ্চলিক পঞ্চায়তৰ সদস্য আদিত্য বৰুৱা, সমাজ কৰ্মী কমলা শর্মা, টিএমপিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টিএমপিকেৰ কেন্দ্ৰীয় সদস্য মুহিম পাৱ, মনোজ পেগু, আৰ্ণল্ড টায়ে, জোনাই জিলা টিএমপিকেৰ সভাপতি ফ্ৰান্সিছ পাতিৰ, সম্পাদক জান দলে, জোনাই জিলা এমএমকেৰ সভাপতি সঞ্জয় কুম্বাং আদি উপস্থিত থাকে।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
