কচ্ছ, ১৩ আগষ্ট (হি.স.)। গুজৰাটৰ ভুজ বিমানবন্দৰত বুধবাৰে এয়াৰ ইণ্ডিয়াৰ বিমানৰ কাৰিকৰী বিজুতি ধৰা পৰাৰ পিছতে বুধবাৰে মুম্বাইলৈ যোৱা এখন বিমান বাতিল কৰিবলগীয়া হয়। মুম্বাইৰ পৰা এই বিমানখনে প্ৰায় এঘণ্টা পলম কৰি ভুজ পাইছিলহি। ফলত ১৮২ জন যাত্ৰীয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু তেওঁলোকে হুলস্থুলৰ সৃষ্টি কৰে।
ভুজ বিমানবন্দৰৰ সূত্ৰ অনুসৰি এই এয়াৰ ইণ্ডিয়াৰ বিমানখনে আজি পুৱা ৮.৩০ বজাৰ পৰিৱৰ্তে পুৱা ৯.৩০ বজাত মুম্বাইৰ পৰা ভুজ বিমানবন্দৰত উপস্থিত হয়। এই বিমানখন পুনৰ মুম্বাইলৈ উভতি যাব লাগিছিল, গতিকে বিমানখনৰ বাবে অপেক্ষা কৰি থকা ১৮২ জন যাত্ৰীয়ে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। প্ৰায় এঘণ্টা পলমকৈ ভূজ পোৱাৰ কাৰণ কাৰিকৰী দোষ বুলি কোৱা হৈছিল। এই সন্দৰ্ভত একাংশ লোকে প্ৰশ্ন উত্থাপন কৰে যে যদি কাৰিকৰী কাৰণত বিমানখন পলম হৈছিল, তেন্তে মুম্বাইৰ পৰা বিমানখন কিয় উৰা মাৰিছিল? কিয় বিপদৰ মাজলৈ থেলি দিয়া হৈছিল যাত্ৰীসকলৰ জীৱন? বিমানখন বাতিল হোৱাক লৈ যাত্ৰীসকলে হুলস্থুলৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
