গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। অখিল ভাৰতীয় অধিবক্তা পৰিষদ, অসম প্ৰান্তৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি সভাগৃহত ভাৰতীয় ন্যায় ব্যৱস্থা শীৰ্ষক এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মূখ্য বক্তা হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা অশ্চিনী উপাধ্যায়। প্ৰায় দুই শতাধিক আইনৰ ছাত্ৰ -ছাত্ৰী তথা অধিবক্তা উপস্থিতত অনুস্থিত হোৱা উক্ত সভাত অধিবক্তা অশ্চিনী কুমাৰ উপাধ্যায়ে সংবিধানৰ ৩৫৫ অনুচ্ছেদৰ লগতে অনুচ্ছেদ ২৫ পৰা অনুচ্ছেদ ৩০ লৈ বিস্তৃত ব্যাখ্যা দাঙি ধৰে।
অনুচ্ছেদ ৩৫৫ ৰ বিষয়ে ব্যাখ্যা কৰি তেখেতে কয় যে সৰ্বানন্দ সোণোৱালৰ আই এম ডি টি গোচৰটোৰ এতিয়ালৈ প্ৰকৃত বিশ্লেষণ আজিলৈকে সাধাৰণ জনতাৰ মাজত হোৱা নাই বুলি খেদ প্ৰকাশ কৰে। নতুনকৈ প্ৰযোজ্য হোৱা ভাৰতীয় ন্যায় সংহিতাত আৰু কেতবোৰ দিশ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। সভাত অন্য এগৰাকী বক্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ বিশিষ্ট নিবন্ধকাৰ শংকৰ দাস কলিতাই অধিবক্তা পৰিষদৰ প্ৰতিষ্ঠাতা তথা বিশিষ্ট মনিষি অধিবক্তা দত্তোপান্ত ঠেঙ্গাদিজীৰ জীৱনৰ ওপৰত আলোকপাট কৰে। অধিবক্তা পৰিষদ, ভাৰতীয় মজুদুৰ সংঘ, ভাৰতীয় কৃষাণ সংঘ ইত্যাদিৰ জন্মদাতা ঠেঙ্গাদিজীৰ সমগ্ৰ জীৱন দেশ সেৱাত কেনেকৈ উৎসৰ্গ কৰিছিল সেই বিষয়ে বক্তা গৰাকীয়ে ব্যাখ্যা আগবঢ়ায়।
অধিবক্তা পৰিষদ, অসম প্ৰান্তৰ সংগঠন উপ সভাপতি বংকিম শৰ্মাই আঁতধৰা উক্ত অনুষ্ঠানত উপ সভাপতি অনুৰাধা গায়ন, কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তা, গুৱাহাটীৰ বহুকেইখন আইন মহাবিদ্যালয়ৰ অধ্যাপক – অধ্যাপিকা, ছাত্ৰ -ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অধিবক্তা পৰিষদ, অসম প্ৰান্তৰ সম্পাদিকা জয়শ্ৰী বৈশ্যই শলাগ শৰাই আগবঢ়াই সভাৰ সমাপ্তি কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
