কোকৰাঝাৰ, ২১ আগষ্ট (হি.স.)। বিটিআৰ পৰিষদৰ নিৰ্বাচনৰ অধিসূচনা ঘোষনাৰ প্ৰাক মুহূৰ্তত বিটিচিৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহই প্ৰশিক্ষণ প্ৰাপ্ত চাৰি হেজাৰ মহিলাক এটাকৈ চিলাই মেচিন বিতৰণ কৰাৰ কাম কালি বিয়লিৰ পৰা আৰম্ভ কৰিছে। তেঁও আজি গুমা সমষ্টিৰ আলোকঝাৰ গাঁৱত উক্ত চিলাই মেচিন ২৭০ গৰাকী মহিলাৰ হাতত চিলাই মেচিন তুলি দিয়ে।
তেঁও মহিলা সকলক এই চিলাই মেচিন দি কয় মহিলা উদ্যোগীকৰণৰ বাবে এই বিভাগত বহু আঁচনি আছে কিন্তু ভিতৰুৱা অঞ্চলৰ ৰাইজৰ মাজত সজাগতাৰ অভাৱ থকা বাবেই আমি চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগা হয়। ইমানদিনে উদ্যোগ আৰু বানিজ্য বিভাগৰ পৰা গাঁৱৰ ৰাইজ কোনো সা সুবিধা পোৱা নাছিল।
এই বিভাগৰ নামটোৱেই বহুতে জনা নাছিল। কিন্তু মই এই বিভাগৰ কাৰ্যবাহী সদস্যৰ দায়িত্ব লোৱাৰ পাছত ছ’মাহৰ ভিতৰত এই বিভাগটোক লৈ গাঁৱে-গাঁৱে সোমাই পৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰি এই বিভাগৰ কাম কাজ সন্দৰ্ভত পুংখানুপুংখ ৰূপে ৰাইজক অৱগত কৰিছো। বিশেষ কৈ ব্যৱসায়ী, ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ লগত যুক্ত উদ্যমী পুৰুষ-মহিলা, মিস্ত্ৰি, কুমাৰ, কামাৰ, মৃৎশিল্পী আদি কামৰ লগত যুক্ত লোকসকলৰ বাবে যিবোৰ আঁচনি আছে তাৰ সুবিধা লবলৈ অনুপ্ৰাণিত কৰিছো।
আজিৰ পৰা তিনিদিনৰ ভিতৰত চাৰি হেজাৰ চিলাই মেচিন বিতৰণ কৰাৰ পাছত বাকী থকা সকলক নিৰ্বাচনৰ পাছত বিভাগে বিতৰণ কৰিব’ বুলি জানিবলৈ দিয়ে। অহা তিনিদিনৰ ভিতৰত বিটিআৰৰ পাঁচখন জিলাত চিলাই মেচিন বিতৰণৰ কাম সম্পূৰ্ণ কৰিব বুলি জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
