কামৰূপ, ১১ জুলাই (হি.স.): ৰঙিয়াত যোৱাকালি সন্ধিয়া উদণ্ড স্কুটি চালকৰ খুন্দাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা। মহিলাগৰাকীক খুন্দিয়াই পলায়ন কৰে স্কুটিখনে। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত পথৰ বৰলীয়াৰ পাৰত দূৰ্ঘটনা সংটিত কৰি পলায়ন কৰে উদণ্ড স্কুটি চালক।
জানিব পৰামতে, চিমা দাস নামৰ এগৰাকী ৫৫উৰ্ধৰ মহিলাক খুন্দিয়াই গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰে উদণ্ড চালকে। দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহুত সময় ৰাজপথত পৰি আছিল মহিলাগৰাকী। পথচাৰীয়ে প্ৰত্যক্ষ কৰি ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও সংকটজনক অৱস্থাত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
