নগাঁও, ২১ জুলাই (হি.স.)। আজি শাওনৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱমন্দিৰ সমূহত দেখা গৈছে অগণন ভক্তৰ ভিৰ।
নগাঁও ভেৰভেৰিস্থিত মহা মৃত্যুঞ্জয় মন্দিৰতো পৰিলক্ষিত হৈছে পুৱাৰে পৰা অগনন ভক্তই ভিৰ কৰাহি। ধূপ-দ্বীপ-নবদ্যৰে ভক্তই পূজা অৰ্চনা কৰিলে মহামৃত্যুঞ্জয় মন্দিৰত। পুৱতি নিশাৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম পৰিলক্ষিত হয় সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰভাগত।
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
