নতুন দিল্লী, ১১ জুলাই (হি.স.)। আজিৰ পৰা আৰম্ভ হৈছে দেৱতাৰ দেৱতা মহাদেৱৰ পূজা পবিত্ৰ শাওন (শ্ৰাৱন) মাহ। ইয়াৰ লগে লগে পবিত্ৰ কাঁৱৰ তীৰ্থযাত্ৰাও আৰম্ভ হৈছে। পুৱাৰে পৰা সমগ্ৰ দেশৰ মানুহে পবিত্ৰ জলধাৰাত স্নান কৰি ভগৱান শিৱৰ জলাভিষেক পালন কৰি আহিছে। শিৱালয় আৰু অন্যান্য হিন্দু মন্দিৰত প্ৰতিধ্বনিত হৈছে হৰ-হৰ গংগে আৰু হৰ-হৰ মহাদেৱ ধ্বনি। ভাৰতীয় জীৱন আৰু লোক পৰম্পৰাৰ এক অতি পবিত্ৰ আৰু আনন্দময় মাহ। জনকল্যাণ আৰু খাদ্য উৎপাদনৰ কামনাৰো ভিত্তি মাহ।
মধ্য প্ৰদেশৰ উজ্জয়িনীৰ বিশ্ববিখ্যাত জ্যোতিৰ্লিংগ মহাকাল মন্দিৰত, শাওনৰ প্ৰথম দিনটোত, শুকুৰবাৰে পুৱাই মহাকালেশ্বৰ মন্দিৰত জলাভিষেকৰ বাবে শাৰী পাতিছে জনসাধাৰণে। মন্দিৰত ৰুদ্ৰভিষেক কৰা হৈছে। ৰুদ্ৰভিষেকৰ সময়ত ভগৱান শিৱক গাখীৰ, দৈ আৰু মৌ আগবঢ়োৱা হৈছিল। ইয়াত পুৰোহিতসকলে বৈদিক মন্ত্ৰ জপ কৰি আছে। এইবাৰ ৯ আগষ্টত পবিত্ৰ শাওন মাহৰ অন্ত পৰিব।
ভগৱান শিৱৰ প্ৰিয় দিন সোমবাৰ। সেয়েহে শ্ৰাৱণ মাহৰ প্ৰতি সোমবাৰে মহাদেৱৰ জল অভিষেক আৰু ৰুদ্ৰ অভিষেক অতি শুভ বুলি গণ্য কৰা হয়। কেৱল এয়াই নহয় শ্ৰৱণ মাহৰ সকলো মঙলবাৰে ভগৱান শিৱৰ পত্নী দেৱী পাৰ্বতীৰ নামত উচৰ্গা কৰা হয়। পৌৰাণিক কাহিনীত এই মাহৰ বিশেষ স্থান। বিশ্বাস কৰা হয় যে এই মাহতে ভগৱান শিৱই সাগৰৰ মন্থনৰ পৰা ওলোৱা বিষ পান কৰি বিশ্বব্ৰহ্মাণ্ডক ইয়াৰ বিষাক্ত প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল।
উত্তৰ প্ৰদেশৰ হৰিদ্বাৰ, ঋষিকেশ, উত্তৰ প্ৰদেশৰ বাৰাণসী, প্ৰয়াগৰাজ আৰু অযোধ্যাৰ উপৰিও ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ চান্দনী চকত থকা শ্ৰী গৌৰীশংকৰ মন্দিৰত শিৱ ভক্তৰ শাৰী দেখা পোৱা গৈছে। পুৱাৰে পৰা ভগৱান শিৱৰ জল অভিষেক কৰি ভক্ত সকলে আশীৰ্বাদ বিচাৰিছে।
আজিৰে পৰা আৰম্ভ হৈছে কাঁৱৰ যাত্ৰাও। দিল্লী, মীৰাট আৰু চাহাৰনপুৰত চৰকাৰী পর্যায়ত বিশেষ ব্যৱস্থা কৰা হৈছে৷ কাঁৱাৰ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানাৰ আম্বালা-ডেৰাডুন পথটো আপাততঃ একমুখী কৰি তোলা হৈছে।
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কাঁৱাৰ তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। হৰিদ্বাৰ, গংগোত্ৰী আৰু গোমুখৰ পৰা গংগাজল লৈ উভতি আহিব দিল্লী আৰু উত্তৰ ভাৰতৰ হাজাৰ হাজাৰ শিৱভক্ত। ২৩ জুলাই (শিৱৰাত্ৰি)ত শিৱ ভক্তসকলে নিজ নিজ স্থানৰ শিৱ মন্দিৰত এই পবিত্ৰ পানীৰে জলাভিষেক পালন কৰিব। এই উপলক্ষে আজিৰ পৰা ২৫ জুলাইলৈ নয়ডাত পথ সলনি কৰা হৈছে। আজি নিশা ১০ বজাৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
