লণ্ডন, ১১ জুলাই (হি.স.)। লৰ্ডছ টেষ্টৰ প্ৰথম দিনাই ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ হিচাপে আত্মপ্ৰকাশ কৰা যুৱ অল ৰাউণ্ডাৰ নীতিশ ৰেড্ডীয়ে সুপৰিকল্পিত বলিঙেৰে সকলোকে আপ্লুত কৰে। ২২ বছৰীয়া নীতিশে ইংলেণ্ডৰ প্ৰথম ইনিংছত বেন ডাকেট আৰু জেক ক্ৰ’লীক আউট কৰি মুঠ দুটা উইকেট দখল কৰিছিল – আৰু বিশেষ কথাটো আছিল যে তেওঁ প্ৰথম অভাৰতে দুয়োটা উইকেট লাভ কৰিছিল।
ভাৰতৰ হৈ খেলা চাৰিজন বেগী বলাৰৰ ভিতৰত আটাইতকৈ লেহেমীয়া বল কৰা নীতিশে ১৪ অভাৰত বলিং কৰি অভিজ্ঞ মহম্মদ ছিৰাজৰ সমান। গোটেই দিনটো তেওঁ উৎকৃষ্ট লাইন আৰু লেংথেৰে বলিং কৰিছিল আৰু ইংলেণ্ডক মুক্তভাৱে খেলিবলৈ নিদিলে।
দিনটোৰ খেলৰ অন্তত নীতিশে কয় যে বলিঙৰ ধাৰাবাহিকতা এই ভ্ৰমণৰ আৰম্ভণিৰে পৰাই তেওঁ কাম কৰি আহিছে।
তেওঁ কয়, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত মই অনুভৱ কৰিছিলো যে মই মোৰ বলিং আৰু ইয়াৰ ধাৰাবাহিকতা উন্নত কৰিব লাগিব। মই ইয়াৰ প্ৰতি আটাইতকৈ বেছি গুৰুত্ব দিছো।
নীতিশে কয় যে আই পি এলত তেওঁৰ অধিনায়ক পেট কামিন্স আৰু টিম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক মৰ্ণ মৰ্কেলৰ পৰা বহু কথা শিকিছিল।
তেওঁ কয়, পেট কামিন্স মোৰ অধিনায়ক আৰু অষ্ট্ৰেলিয়াত তেওঁৰ প্ৰদৰ্শন অতি উত্তম। মই তেওঁৰ পৰা অষ্ট্ৰেলিয়াত কেনেকৈ বলিং কৰিব লাগে সেই বিষয়ে পৰামৰ্শ লৈছিলো। সেই অভিজ্ঞতা মোৰ বাবে অতি উপযোগী আছিল। এই ভ্ৰমণত মৰ্ণ মৰ্কেলৰ সৈতে কাম কৰাটোও মোৰ বাবে অতি উত্তম। যোৱা কেইসপ্তাহমানৰ পৰা তেওঁ মোৰ সৈতে কাম কৰি আহিছে আৰু আমি মোৰ বলিঙৰ ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব দিছো। মোৰ বল ছুইং কৰাৰ ক্ষমতা আছে আৰু মই ইয়াক সকলোতে ধাৰাবাহিকতাৰে ব্যৱহাৰ কৰিব বিচাৰো।
আই পি এলৰ সময়ত তেওঁৰ চাইড ষ্ট্ৰেইনৰ আঘাতৰ কথা উল্লেখ কৰি নীতিশে স্বীকাৰ কৰে যে ইয়াৰ ফলত তেওঁৰ ছন্দত প্ৰভাৱ পৰিছে।
তেওঁ কয়, সঁচা কথা ক’বলৈ গ’লে আঘাতৰ পিছত মোৰ ছন্দ বিচাৰি উলিওৱাটো কঠিন হৈ পৰিছিল। আই পি এলৰ আৰম্ভণিতে মই বলিং কৰিব পৰা নাছিলো, কিন্তু প্ৰতিযোগিতাখনৰ শেষৰ অংশত মই নেটত বলিং আৰম্ভ কৰিছিলো আৰু তাৰ পিছত পুনৰ মেচত খেলিবলৈ সক্ষম হৈছিলো।
প্ৰথম দিনাই সুন্দৰ বলিং কৰাৰ পিছত নীতিশে কয় যে তেওঁ কেৱল দলৰ প্ৰয়োজন অনুযায়ী বলিং কৰিব বিচাৰে।
তেওঁ কয়, মই মাত্ৰ এই মুহূৰ্তটো উপভোগ কৰিব বিচাৰিছিলো আৰু দলটোৱে বিচৰা ধৰণে কৰিব বিচাৰিছিলো। মই ভাবো যে মই ঠিক সেইটোৱেই কৰিবলৈ সক্ষম হৈছিলো আৰু আজিৰ বলিংত মই অতি সুখী। এতিয়া মই মাত্ৰ কাইলৈ পুনৰ ওলাই যাম আৰু অধিক উইকেট ল’বলৈ চেষ্টা কৰিম।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
