তিনিচুকীয়া, ২৭ ফেব্ৰুৱাৰী : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ এজন যুৱক বহি:ৰাজ্যতে মৃত্যুমুখত পৰিছে। যুৱক জনৰ মৃত্যু বাতৰিয়ে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত মানমৌমুখ নংলাই গাঁৱৰ ৰাজেন্দ্ৰ গড় নামৰ ব্যক্তি জনৰ পুত্ৰ অৰ্জুন গড় (২৫) নামৰ যুৱকজনে আজিৰ পৰা তিনি মাহ আগতে অসমৰ পৰা উত্তৰ প্ৰদেশৰ কাণপুৰ নামৰ ঠাইত শ্ৰমিক হিচাপে কাম কৰি আছিল। নিজে থকা ঘৰটোৰ পৰা যুৱকজনে বজাৰ কৰিবলৈ বুলি ওলাই যোৱা সময়তে দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাবে আহত হৈছিল।
যুৱক জনক চিকিৎসালৈ নিয়া হয় যদিও শুক্ৰবাৰে দুৰ্ঘটনাটোত যুৱকজনৰ মৃত্যু হয়। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৱে এতিয়া ঘৰ খনলৈ কঢ়িয়াই ঘোৰ অমানিশা। মৃতদেহ ঘৰত অনাৰ পিছতেই অবননীয় পৰিস্থিতি সৃষ্টি হয়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে দুৰ্ঘটনাটো সংঘটিত কৰা দোষীক শাস্তি দিয়াৰ লগতে দুৰ্ভগীয়া যুৱক জনৰ পৰিয়ালৈ আৰ্থিক দিশত সহায় কৰিবলৈ প্ৰতিষ্ঠানটোৰ পৰিচালক অনুৰোধ জনাইছে ।
