
ডিব্ৰুগড়, ২৯ অক্টোবৰ (হি.স.): ডিব্ৰুগড় চহৰৰ কালিবাৰীত যোৱাকালি সন্ধিয়া বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয়মতে নিমিষতে ছাই হৈ পৰেল ২০ টাৰো অধিক ঘৰ। লগতে কেইবাটাও চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। প্ৰায় এঘন্টা ধৰি অব্যাহত থাকে এইঅগ্নিকাণ্ড।
জুই লেলিহান শিখাই ২০ ৰো অধিক গৃহ সকলো সামগ্ৰী ছাই কৰিলে । ডিব্ৰুগড়ৰ লগতে দুলীয়াজান অইল ইণ্ডিয়া, গেছ ক্ৰেকাৰ প্ৰকল্প মুঠ ৭ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। পৰিয়াল বহু লাখ টকাৰ সম্পত্তি অগ্নিকাণ্ডত জাহ যায।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
