ধুবুৰী, ০৪ নৱেম্বৰ (হি.স.)। বিলাসীপাৰাত এখন অসম্পূৰ্ণ পকী দলঙৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰাৰ দাবীত অভিনৱ প্ৰতিবাদ |গৌৰাং নৈৰ পানীত নামি শ শ কন কন ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ উত্তাল প্ৰতিবাদ |উক্ত পকী দলং খন বিলাসীপাৰাৰ লক্ষীগঞ্জৰ পৰা চিনামাৰী সংযোগী গড়কাপ্তানি পথৰ গৌৰাং নৈৰ ওপৰত বিগত ৭ বছৰে অসম্পূৰ্ণ হৈ পৰি আছে |
কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অসম্পূৰ্ণ দলং খনৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে পথছোৱাৰে নিতৌ যাতায়ত কৰা কন কন ছাত্ৰ ছাত্ৰীৰ লগতে শ শ জনসাধাৰণে |
সেয়ে অসম্পূৰ্ণ পকী দলং খনৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰি তুলি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে | এই ক্ষেত্ৰত সৰ্বত্ৰে উন্নয়ন হোৱাৰ ঢাক ঢোল পিটা চৰকাৰ খনে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হব পৰবৰ্তী সময়ত লক্ষনীয় |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
