ডিব্ৰুগড়, ১৪ নৱেম্বৰ (হি.স.)। অহা ২০ আৰু ২১ ডিচেম্বৰত মাজপথাৰ প্ৰাথমিক বিদ্যালয়ে সোণালী জয়ন্তী সমাৰোহ উদযাপন কৰিবলৈ সাজু হৈছে। বিদ্যালয়খনৰ পঞ্চাশ বছৰীয়া এই গৌৰবময় যাত্ৰাৰ স্মৃতিচিহ্ন স্বৰূপে সমগ্ৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ বহু কাৰ্যসূচী হাতে লৈছে। বিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়ৰ চৌহদত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ যুৱক-যুৱতীসকলে ভিন্ন নাচ গানৰ আখৰাত ব্যস্ত হৈ পৰিছে। লগতে সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আচাৰ প্ৰস্তুত কৰা, মাচৰুম প্ৰস্তুত, মীণ পালন আদিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব দিয়ে আয়োজক সমিতিয়ে । বিদ্যালয় পৰিচালনা সমিতি আৰু গ্ৰাম্য ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ মাজেৰে অহা ২০ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব সোণালী জয়ন্তী সমাৰোহৰ । এই সোণালী জয়ন্তী সমাৰোহত সভাপতিত্ব কৰিব অসম চৰকাৰৰ মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই। বিদ্যালয়খনৰ ৫০ বছৰীয়া যাত্ৰা কেৱল শিক্ষাৰ ক্ষেত্ৰত নহয়, সামাজিক সংহতি আৰু গ্ৰাম্য ঐক্যৰ ক্ষেত্ৰতো এক দৃষ্টান্ত স্থাপন কৰিছে। স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে যে আগন্তুক এই জয়ন্তী সমাৰোহে মাজপথাৰ প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱক নতুন উচ্চতালৈ লৈ যাব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
