নগাঁও, ১৩ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ চামগুৰিত আজি দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হয নগদ একলাখ ষাঠি হাজাৰ টকা লৈ উধাও হয চোৰ। ইফালে চুৰিৰ সমগ্ৰ দৃশ্য বন্দি হয়ল দোকানৰ চিচি কেমেৰাত। চামগুৰি ষ্টেট বেংকৰ সন্মুখত সংঘটিত হয় এই ঘটনা।
পুৰণিগুদাম নলবৰা গাঁৱৰ তংকেশ্বৰ শইকীয়াৰ পৰা এক লাখ ষাঠী হাজাৰ টকা লৈ উধাও দুটাকৈ চোৰ। ষ্টেট বেংক চামগুৰি শাখাৰ পৰা তংকেশ্বৰ শইকীয়াই উলিয়াই আনিছিল টকা খিনি। বেংকৰ সন্মুখতে থকা এখন দোকানত দিব লগীয়া ধন দিবলৈ গৈ দোকান খনৰ বাৰাণ্ডাত থকা বেঞ্চত থৈছিল টকা ভৰ্ত্তি বেগটো।বহু সময় ধৰি অনুসৰণ কৰি থকা দুই ধৃত লোকে বেগ কৈ উধাও হয়।
