নগাঁও, ১২ জানুৱাৰী (হি স)। নগাঁও জিলাৰ জুৰীয়াৰ পূৱ চতিয়ানত এটি মৃতদেহ উদ্ধাৰক লৈ পুৱাই চাঞ্চল্যৰ সৃষ্টি হৈছে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জুকাটি বজাৰৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।
প্ৰায় ২৮ বছৰীয়া এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৰাইজে। মৃতদেহটো পূৱ চতিয়ান গাঁৱৰ আব্দুল আৱালৰ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। লোকজনক কোনো লোকে নিশা হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
