ঢাকা, ১৩ ফেব্ৰুৱাৰী: ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক নাদিৰ জুনাইদক তিনি মাহৰ ছুটীত প্ৰেৰণ কৰা হয়। লগতে এই সময়ছোৱাত শৈক্ষিক কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগিব। অধ্যাপক নাদিৰ জুনাইদৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিশ্ববিদ্যালয় প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।
বাংলাদেশৰ বাতৰি কাকত দ্য ডেইলী ষ্টাৰৰ মতে, এই ঘটনা পোহৰলৈ অহাত সোমবাৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ কৰিছিল। ছাত্ৰ আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কালি বিয়লি কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। ডি ইউৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যক্ষ অধ্যাপক আবুল মনছুৰ আহমেদে এই কথা নিশ্চিত কৰিছে। অধ্যাপক মনছুৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সন্মুখত পঞ্জীয়ক কাৰ্যালয়ৰ পৰা পোৱা পত্ৰখন পঢ়ি শুনাই দিয়ে। তাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন প্ৰত্যাহাৰ কৰে।
ইয়াৰ পূৰ্বে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে এই অভিযোগৰ তদন্তৰ দাবীত শ্ৰেণী বৰ্জন কৰিছিল। তেওঁ অভিযুক্ত অধ্যাপকজনক তদন্তৰ সময়লৈকে সকলো ধৰণৰ শৈক্ষিক কাম-কাজৰ পৰা মুক্ত কৰি ৰাখিবলৈ দাবী জনায়। পৰৱৰ্তী ছিণ্ডিকেট বৈঠকত এই বিষয়টো উত্থাপন কৰিব বুলি অধ্যাপক মনছুৰে কয়। দেওবাৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অধ্যাপক নাদিৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত উপাচাৰ্যক লিখিত অভিযোগ দিছিল।
