বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে ‘ওম শান্তি ওম’ৰ পৰা ‘ফাইটাৰ’ ছবিলৈকে অভিনয় জীৱনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিছে। এই অভিজ্ঞতা আকৌ এবাৰ দেখা গ’ল। অস্কাৰৰ পিছত এতিয়া আন এক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালনা কৰিব দীপিকাই।
‘৭৭ সংখ্যক বাফটা’ বঁটা প্ৰদান অনুষ্ঠানৰ মঞ্চ সঞ্চালক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে দীপিকা পাডুকনক। ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দীপিকাই। অস্কাৰৰ পিছত বাফটাত অংশগ্ৰহণ কৰা দীপিকাই পুনৰবাৰ ভাৰতীয়ক গৌৰৱান্বিত কৰিছে।
প্ৰতি বছৰৰ দৰেই এইবাৰো দৰ্শকসকল ‘বাফটা এৱাৰ্ডছ ২০২৪’ৰ বাবে অতিশয় উৎসাহিত। ‘বাফটা’ বঁটা প্ৰদান অনুষ্ঠানৰ ৰেড কাৰ্পেটলৈ যাবলৈ আগ্ৰহী বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকা। এক প্ৰতিবেদন অনুসৰি ‘বাফটা’ বঁটা প্ৰদান অনুষ্ঠানত ডেভিদ বেকহাম, দুয়া লিপা আৰু কেট ব্লেনচেটৰ সৈতে মঞ্চ ভাগ কৰিব দীপিকা পাডুকনে।
