কোকৰাঝাৰ, ১৮ ফেব্ৰুৱাৰী : কোকৰাঝাৰত সমাৰণি পৰিছে দ্বিতীয় বড়োলেণ্ড স্পৰ্টচ মীট (বড়োলেণ্ড ক্ৰীড়া সমাৰোহ) । প্ৰতিযোগিতাখনত মুঠ ৩৬ টা পদক লাভ কৰি ওদালগুৰি জিলাই প্ৰথম স্থান দখল কৰিছে ৷
উল্লেখ্য় যে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত যোৱা ১৫ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হোৱা দ্বিতীয় বড়োলেণ্ড স্পৰ্টচ মীট অৰ্থাৎ বড়োলেণ্ড ক্ৰীড়া সমাৰোহৰ শনিবাৰে নিশা সফল সামৰণি পৰে ৷ আৰ্চাৰী, ফুটবল, কাবাডী, ভলীবল আৰু এথেলেটিকছ সহ বিভিন্ন ইভেণ্টত অনুষ্ঠিত হোৱা বড়োলেণ্ড স্পৰ্টচ মীটত মুঠ ৩৬ টা পদক লাভেৰে ওদালগুৰি জিলাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ওদালগুৰি জিলাই ১৩ টা সোণ, ১২ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷
আনহাতে মুঠ ২৩ টা পদক লাভ কৰি কোকৰাঝাৰ জিলাই দ্বিতীয় স্থান দখল কৰিছে ৷ কোকৰাঝাৰ জিলাই ৯ টা সোণ, ১০ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ আনপিনে মুঠ ২১ টা পদক লাভ কৰি তৃতীয় স্থান দখল কৰা বাগছা জিলাই ৮ টা সোণ, ৪ টা ৰূপৰ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷
উল্লেখ্য যে বড়োলেণ্ড স্পৰ্টচ মীটত বিটিআৰৰ পাঁচখন জিলাৰ প্ৰায় ১৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । এইবাৰ স্পৰ্টচ মীটত বড়োৰ খিলঞ্জীয়া খেলৰ লগতে দিব্যাংগৰ বাবেও খেল অনুষ্ঠিত কৰা হৈছিল ৷
