নতুন দিল্লী, ১৭ ছেপ্টেম্বৰ (হি.স.)। কাটাৰৰ ডোহাত ৪ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ক্ৰীড়া ফেডাৰেচনৰ বিশ্বকাপ ফাইনেল ২০২৫ৰ বাবে ৮গৰাকী ভাৰতীয় শ্বুটাৰে যোগ্যতা অৰ্জন কৰিছে ।
ডাবল অলিম্পিকৰ পদক বিজয়ী মনু ভাকেৰ হৈছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু মহিলাৰ ২৫ মিটাৰ পিষ্টল দুটা ইভেণ্টত যোগ্যতা অৰ্জন কৰা একমাত্ৰ ভাৰতীয় শ্বুটাৰ। এইখনেই হ’ব বছৰৰ চূড়ান্ত আই এছ এছ এফৰ প্ৰতিযোগিতা, য’ত ১২টা ব্যক্তিগত অলিম্পিক ইভেণ্টৰ বাবে শ্ৰেষ্ঠ শ্বুটাৰ নিৰ্বাচন কৰা হয়। দোহাত অনুষ্ঠিত হ’বলগীয়া এই ছিজন সমাপ্ত প্ৰতিযোগিতাৰ অংশ হ’বলগীয়া ১২টা ইভেণ্টৰ ভিতৰত পাঁচটা ইভেণ্টত যোগ্যতা অৰ্জন কৰিছে ভাৰতীয় শ্বুটাৰসকলে, যিটো আই এছ এছ এফৰ প্ৰাইজ মানি ইভেণ্টো।
মনু ভাকেৰৰ উপৰিও ভাৰতৰ নেতৃত্বত থাকিব এইবাৰৰ শ্বুটিং চেনচেচন বুলি প্ৰমাণিত হোৱা কিশোৰী সুৰুচি সিঙ। বুয়েনছ আয়াৰ্ছ, লিমা, মিউনিখত অনুষ্ঠিত হোৱা মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত একেৰাহে তিনিটাকৈ সোণৰ পদক লাভ কৰি ডোহাত স্থান নিশ্চিত কৰাই নহয়, মহিলা এয়াৰ পিষ্টল ইভেণ্টতো বিশ্বৰ ১ নং ৰেংকিং লাভ কৰিছে।
চীনৰ নিংবোত অনুষ্ঠিত হোৱা চতুৰ্থ আৰু অন্তিমটো আই এছ এছ এফ বিশ্বকাপত স্বৰ্ণ জয় কৰি মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টতো অলিম্পিয়ান ইশা সিঙে যোগ্যতা অৰ্জন কৰে। আন আন কোৱালিফায়াৰৰ ভিতৰত আছে বুয়েনছ আয়াৰ্ছত সোণৰ পদক লাভ কৰি পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্থান দখল কৰা প্ৰাক্তন বিশ্ব চেম্পিয়ন ৰুদ্ৰাঞ্চ বালাছাহেব পাটিলে। অলিম্পিয়ান অৰ্জুন বাবুটাই লিমাত ৰূপৰ পদক লাভ কৰি একেখন ইভেণ্টতে নিজৰ স্থান নিশ্চিত কৰে।
এছিয়ান চেম্পিয়ন তথা বিশ্ব অভিলেখধাৰী ছিফ্ট কৌৰ ছামৰাই বুয়েনছ আয়াৰ্ছত সোণৰ পদক লাভ কৰি মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন (৩পি) ইভেণ্টত যোগ্যতা অৰ্জন কৰে। অলিম্পিয়ান বিজয়বীৰ সিদ্ধুৱেও একেটা ইভেণ্টতে এক উজ্জ্বল স্বৰ্ণ পদক লাভ কৰি পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেণ্টত স্থান দখল কৰে।
ভাৰতৰ ছিমৰণপ্ৰীত কৌৰ ব্ৰাৰে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত লিমাত ৰূপৰ পদক লাভ কৰি যোগ্যতা অৰ্জন কৰে। ইতিমধ্যে বুয়েনছ আয়াৰ্ছত স্বৰ্ণ পদক লাভ কৰি ছিমৰনপ্ৰীতক প্ৰৱেশৰ সুবিধা প্ৰদান কৰি চীনৰ ছান ইউজিয়ে নিজৰ স্থান নিশ্চিত কৰিছিল।
আই এছ এছ এফে ২০২৫ চনৰ বিশ্বকাপ ফাইনেলৰ বাবে পদকৰ পুৰস্কাৰৰ ধনো ঘোষণা কৰিছে। সোণ বিজয়ীসকলে ৫ হাজাৰ ইউৰো, ৰূপৰ বিজয়ীসকলে ৪ হাজাৰ ইউৰো আৰু ব্ৰঞ্জৰ বিজয়ীসকলে ২০০০ ইউৰো লাভ কৰিব।
এই অৰ্হতাসমূহৰ উপৰিও ভাৰতীয় খেলুৱৈসকলে ক্ৰমে অক্টোবৰ আৰু নৱেম্বৰ মাহত এথেন্স (গ্ৰীচ)ত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্ব চেম্পিয়নশ্বিপ শ্বটগান আৰু কায়ৰো (ইজিপ্ত)ত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্ব চেম্পিয়নশ্বিপ ৰাইফল/পিষ্টলত অংশগ্ৰহণ কৰাৰ সময়ত এতিয়াও ডোহা ফাইনেলৰ বাবে যোগ্যতা অৰ্জনৰ সুযোগ আছে। এইবাৰ ভাৰতৰ অভিযান ক্ৰমে চাৰিটা ৰাইফল/পিষ্টল বিশ্বকাপৰ মঞ্চ—বুয়েন’ছ আয়াৰ্ছ, লিমা, মিউনিখ, আৰু নিংবো—লগতে চাইপ্ৰাছৰ নিকোচিয়া আৰু ইটালীৰ ল’নেটোত অনুষ্ঠিত হোৱা শ্বটগান বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক সফল আছিল।
ভাৰতীয় শ্বুটাৰসকলে ৰাইফল, পিষ্টল, আৰু শ্বটগান ইভেণ্টত মুঠ ২২টা পদক লাভ কৰে, য’ত ৯টা সোণ, ৬টা ৰূপ, আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰে। সামগ্ৰিক ৰেংকিঙত দ্বিতীয় স্থান দখল কৰি ভাৰতে পুনৰবাৰ বিশ্বৰ অন্যতম শক্তিশালী শ্বুটিং ৰাষ্ট্ৰ হিচাপে নিজৰ স্থান প্ৰমাণ কৰিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
