ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া গৌৰীপুৰ আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযান চলে। এই অভিযানত জাল নোট সহ আটক কৰা হয় চাৰিজন লোকক। লগতে নগদ ধন, এএছ ১৬ জি ৯৬৮০ নম্বৰৰ এখনি ৱাগেনাৰ গাড়ী সহ চাৰিটা মোবাইল, জাল নোট বনোৱা কেমিকেল জব্দ কৰা হয়।
আমূলৰ গাখীৰৰ পেকেটত লুকাই আনিছিল জালনোট খিনি। ব্যক্তি কেইজনৰ পৰা ৪৫০০ টকাৰ জালনোট জব্দ কৰা হৈছে। গৌৰীপুৰত কোনো জাল নোট ব্যৱসায়ীক চেম্পল দেখুৱাবলৈ আনিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেইজনৰ নাম ক্ৰমে:- জবেদ আলী, আবুল কালাম আজাদ, বাহাৰুল আলী আৰু হুছেইন আলী। গৌৰীপুৰৰ পৰা উভতি যোৱাৰ পথত গৌৰীপুৰ আৰক্ষী আৰু ৪৮ চি আৰ পি এফ ৰ অভিযানত কৰায়ত্ত হয় এই চাৰিজন। বৰ্তমান গৌৰীপুৰ আৰক্ষী থানাত সোধা পঁচা অব্যাহত আছে। এই চাৰিজনৰ সৈতে কোনো বৃহৎ নেটৱৰ্ক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
