নতুন দিল্লী, ১৯ জুন (হি.স.)। ভাৰতীয় যুৱ বেটছমেন তিলক বৰ্মাৰ সৈতে চুক্তি হোৱাৰ কথা নিশ্চিত কৰিছে হেম্পশ্বায়াৰ কাউন্টি ক্ৰিকেট ক্লাবে। ৰেডবল ক্ৰিকেটৰ বাবে দলত যোগদান কৰিব তিলক আৰু কাউন্টি চেম্পিয়নশ্বিপৰ পৰৱৰ্তী চাৰিখন মেচত নিৰ্বাচনৰ বাবে উপলব্ধ হ’ব। তেওঁৰ প্ৰথমখন মেচ ২২ৰ পৰা ২৫ জুনলৈ চেলমছফৰ্ডত এচেক্সৰ বিৰুদ্ধে হ’ব।
ভাৰতীয় দলৰ হৈ ২৯খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা তিলক বৰ্মাই এই পৰ্যন্ত ২৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৭৪৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে দুটা শতক, যিটো ২০২৪ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একেৰাহে ইনিংছত আহিছিল।ইয়াৰ উপৰিও তেওঁ তিনিটা অৰ্ধশতকও কৰিছে, য’ত বছৰৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে খেলা ৭২ * ৰানৰ ইনিংছও আছে।
টি-২০ আৰু বিশেষকৈ আই পি এলত প্ৰদৰ্শনৰ বাবে পৰিচিত তিলক ২০১৯ চনত চুটি ফৰ্মেটত অভিষেক ঘটায়। ২০২২ চনত মুম্বাই ইণ্ডিয়ানছে তেওঁক নিজৰ দলত যোগ দিয়ে আৰু তেতিয়াৰ পৰাই তেওঁ ফ্ৰেঞ্চাইজিৰ হৈ ৫৪খন মেচত প্ৰায় ১৫০০ ৰান সংগ্ৰহ কৰে। তেওঁৰ গড় ৩৭.৪৭ আৰু ষ্ট্ৰাইক ৰেট ১৪৪.৪১। ২০২৫ চনৰ জুন মাহলৈকে তিলক ভাৰ্মাই যিকোনো সম্পূৰ্ণ সদস্য দেশৰ বেটছমেনৰ ভিতৰত সৰ্বাধিক গড় (৪৯.৯৩) লাভ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰিছে।
হেম্পশ্বাৰৰ ক্ৰিকেট সঞ্চালক গিলছ হোৱাইটে এক বিবৃতিত কয় যে, অহা চাৰিখন মেচৰ বাবে তিলকৰ দৰে প্ৰতিভাৱান খেলুৱৈক দলত থকাৰ বাবে আমি অতিশয় উৎসাহিত। তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চ আৰু আই পি এলত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে, আৰু এতিয়া আমি তেওঁক হেম্পশ্বাৰৰ হৈ খেলা দেখিবলৈ আগ্ৰহী।
ৰেডবল ক্ৰিকেটতো তিলক বৰ্মাৰ অভিলেখ আকৰ্ষণীয়। দুলীপ ট্ৰফীত ইণ্ডিয়া এৰ হৈ আৰু ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুখন মেচকে ধৰি এই পৰ্যন্ত ১৮খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। পাঁচটা শতক আৰু চাৰিটা অৰ্ধশতককে ধৰি গড়ে ৫০.১৬ ৰানত ১২০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।
বৰ্তমান কাউন্টি চেম্পিয়নশ্বিপ ডিভিজন ৱানত সপ্তম স্থানত আছে হেম্পশ্বায়াৰ। যোৱা ছিজনত ক্লাবটোৱে ৰানাৰ্ছ আপৰ স্থান দখল কৰিছিল, যিটো ২০০৫ চনৰ পিছত তেওঁলোকৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল।
ঘৰুৱা খেলপথাৰত তিলক বৰ্মাৰ প্ৰথম খেল ২৯ জুনৰ পৰা ২ জুলাইৰ ভিতৰত ৱৰ্চেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
