গোলাঘাট: গোলাঘাট জিলাৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ক্ৰীড়া কোষৰ সৌজন্যত, গোলাঘাটৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষ আৰু গোলাঘাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি সদৌ অসম ভিত্তিক মহিলা অৰ্দ্ধ-মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।সকলো বয়সৰ প্ৰতিযোগীৰ অংশগ্রহণেৰে এই প্ৰতিযোগিতা ১২ কিলোমিটাৰ দূৰত্ব সৰ্ব্বোচ্চ দুই ঘন্টাৰ ভিতৰত সম্পূৰ্ণ কৰে।
মহাবিদ্যালয়খনৰ বাকৰিৰ পৰা কাহিলী পুৱাতেই হোৱা মাৰাথনখনত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক নগদ ১৫ হাজাৰ, ১০ হাজাৰ আৰু ৫ হাজাৰ টকা প্ৰদান কৰাৰ লগতে অন্য সাতগৰাকী দূৰত্ব সম্পূৰ্ণ কৰা প্ৰতিযোগীক মানপত্ৰ আৰু পদক প্ৰদান কৰা হয়। প্ৰতিযোগীসকলে ‘আপোনাৰ দৃষ্টিকোণ, আপোনাৰ অধিকাৰ’ –শীৰ্ষক থীম সন্মুখত লৈ আয়োজন কৰা মহিলা অৰ্দ্ধ-মাৰাথন প্ৰতিযোগিতাখনত সকলো ইতিবাচক মনোভাৱৰ মহিলাসকলে অংশগ্ৰহণ কৰে।
