কাৰ্বি আংলং: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খটখটি আৰক্ষীৰ অভিযানত শনিবাৰে নিশা দুটাকৈ অবৈধ মাৰণাস্ত্ৰসহ দুজন লোকক আটক কৰিছে । এএছ ২৬ এফ ৫৫৫৪ নম্বৰৰ এখন অল্টো বাহনৰপৰা জব্দ কৰা হয় মাৰণাস্ত্ৰ কেইটা।
আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই দুজন যুৱকৰ পৰা কাৰ্বিআংলং আৰক্ষীয়ে জব্দ কৰিছে এটা .৩২ আৰু এটা .২২ পিষ্টলসহ ২ টা মেগজিন আৰু ১৩ জাঁই সক্ৰিয় গুলি। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ সমীপৰ চাৰিলেন যুক্ত পথত চলোৱা তালাচীত মাৰণাস্ত্ৰসহ আটক কৰে চিৰাং জিলাৰ ছিবিছন ইছলাৰী আৰু মনজিল নাৰ্জাৰী নামৰ দুজন লোকক। সৰবৰাহকাৰী কেইটাই ক’ৰ পৰা কোনঠাইলৈ মাৰণাস্ত্ৰ কেইটা লৈ গৈছিল আৰক্ষীয়ে দুয়োকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
