নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। কাজাখস্তানত অনুষ্ঠিত আলমাটি মাষ্টাৰছ ক’নায়েভ কাপত ৰোহিত কৃষ্ণ এছ মঙলবাৰে ভাৰতৰ ৮৯ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়। ২০ বছৰীয়া ৰোহিতে অন্তিম ৰাউণ্ডত আৰ্মেনিয়ান আই এম আৰ্তুৰ দৱতিয়ানক পৰাস্ত কৰি ৯ পইণ্টৰ ভিতৰত ৬ পইণ্ট লাভ কৰি তৃতীয় আৰু শেষ জি এম নৰ্ম লাভ কৰে।
কে বিশ্বেশ্বৰনৰ প্ৰশিক্ষক ৰোহিতে চলিত বৰ্ষৰ মাৰ্চ মাহত হোটেল ষ্টকহোম নৰ্থ জি এম ৰাউণ্ড ৰবিন প্ৰতিযোগিতাত জয়লাভ কৰি প্ৰথম জি এম নৰ্ম অৰ্জন কৰে। জুন মাহত ডুবাই অ’পেনত তেওঁৰ দ্বিতীয়টো জিএম নৰ্ম আহিছিল। ২০২২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (আই এম) খিতাপ অৰ্জন কৰে।
ভাৰতে ১৯৮৮ চনত বিশ্বনাথন আনন্দৰ ৰূপত প্ৰথম গ্ৰেণ্ডমাষ্টাৰ লাভ কৰাৰ বিপৰীতে যোৱা মাহত ফিডে বিশ্বকাপত ঐতিহাসিক জয়েৰে দেশৰ ৮৮ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছিল দিব্যা দেশমুখ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
