নতুন দিল্লী,। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি হাৰিয়ানা ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৰাজ্যৰ কৰ্ণাল জিলাৰ ঘৰৌণ্ডাত উপস্থিত হব। বিজেপিয়ে এই তথ্য এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল পোষ্ট অনুসৰি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দিনৰ ১২:২৫ বজাত ঘৰৌন্দা শস্য বজাৰত সম্বৰ্ধনা অনুষ্ঠানত ভাষণ দিব।
