নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত যেতিয়া পোলেণ্ডৰ মেগডেলিনা এণ্ড্ৰুস্কিভিচে মহিলাৰ টি৭২ শাখাত ৪০০ মিটাৰ চাইক্লিং ফাইনেলৰ ফিনিচিং লাইন অতিক্ৰম কৰিলে, তেতিয়া জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হাতচাপৰিৰ সৃষ্টি হয়। দৰ্শকৰ বাবে এজন বিশেষভাৱে সক্ষম খেলুৱৈৰ বাবে ই আছিল এক উল্লেখযোগ্য জয় যদিও মেগডেলিনাৰ বাবে ই আছিল সাত বছৰীয়া সংগ্ৰাম, অধ্যৱসায় আৰু অদম্য আশাৰ শিখৰ।
৩৭ বছৰীয়া মেগডেলিনাৰ কাহিনীটো চিনেমাৰ চিত্ৰনাট্যৰ দৰে। সাত বছৰ আগতে হোৱা ষ্ট্ৰোকে তাইৰ জীৱনৰ গতিপথ সলনি কৰি পেলালে। তাইৰ শৰীৰৰ এটা অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰিল, আৰু তাই ভাবিলে সকলো শেষ। কিন্তু এই টাৰ্নিং পইণ্টৰ পৰাই আৰম্ভ হ’ল এক নতুন যাত্ৰা। ফিজিঅ’থেৰাপিৰ সময়ত ফ্ৰেম চাইকেল চলোৱাটোৱেই তাইৰ প্ৰথম আশাৰ ৰশ্মি হৈ পৰিছিল। তাই কয়, প্ৰথম অৱস্থাত কেৱল তাইৰ ভৰিৰ ওপৰত উঠিবলৈ কৰা প্ৰচেষ্টা আছিল। লাহে লাহে ই এটা আবেগ হৈ পৰিল, আৰু তাৰ পিছত মোৰ গোটেই জীৱন।
পাঁচ বছৰ আগতে তাই পেৰা এথলেটিকছক সম্পূৰ্ণৰূপে আকোৱালি লৈছিল। জাপানৰ কোবেত অনুষ্ঠিত হোৱা শেষ সংস্কৰণত তেওঁ বিশ্ব অভিলেখৰে স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ পূৰ্বে ২০২৩ চনৰ পেৰিছ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। দেওবাৰে দিল্লীত তেওঁ পুনৰবাৰ নিজৰ আধিপত্য প্ৰমাণ কৰি ১ মিনিট ১৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি সফলতাৰে খিতাপ ৰক্ষা কৰে।
২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিকত টি ৭২ ইভেণ্টত অভিষেক ঘটোৱা আৰু তাত সোণৰ পদক লাভ কৰাটো এতিয়া মেগডেলিনাৰ সপোন। প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ দৰ্শকৰ উৎসাহ আৰু উষ্ণতাক প্ৰশংসা কৰে—ভাৰত আচৰিত। ইয়াৰ শক্তিয়ে মোক অনুপ্ৰাণিত কৰিলে।
ষ্ট্ৰোকৰ আগতে তাই আছিল এগৰাকী নৃত্যশিল্পী। নৃত্যৰ পৰা শিকি অহা অনুশাসন, ছন্দ আৰু ধৈৰ্য্যই তাইৰ এথলেটিক কেৰিয়াৰৰ সহায়ক হৈ পৰিছিল। আজি মাগডেলিনা কেৱল ট্ৰেক চেম্পিয়ন নহয়, সাহস আৰু আশাৰ প্ৰতীক। ভৱিষ্যতৰ পেৰা এথলীটসকললৈ এটা বাৰ্তা আগবঢ়াই তেওঁ কয়, ক্ৰীড়া সকলোৰে বাবে। শাৰীৰিক অক্ষমতাই কোনো গুৰুত্ব নাই—আবেগৰ সৈতে সকলো সম্ভৱ।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
