প’ৰ্ট্ৰাছ, উত্তৰ আয়াৰলেণ্ড, ২১ জুলাই (হি.স.)। আমেৰিকাৰ তাৰকা গলফাৰ স্কটি শ্বেফলাৰে দেওবাৰে ৰয়েল প’ৰ্ট্ৰাছত অনুষ্ঠিত হোৱা ব্ৰিটিছ অ’পেনত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই চাৰিটা শ্বট অগ্ৰগতিৰে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ অ’পেন খিতাপ দখল কৰে।
বিশ্বৰ ১ নং খেলুৱৈ শ্বেফলাৰে শেষৰ ৰাউণ্ডত ৬৮ পইন্ট সংগ্ৰহ কৰে। ইতিমধ্যে তেওঁ চাৰিটা শ্বটৰ অগ্ৰগতিৰে দিনটোৰ আৰম্ভণি কৰিছিল। প্ৰথমতে তেওঁ তিনিটা বাৰ্ডি কৰিছিল যদিও অষ্টম হোলত বাংকাৰৰ পৰা ওলাই আহিব নোৱাৰাৰ বাবে ডাবল ব’গীৰ সন্মুখীন হৈছিল।
ইয়াৰ পিছতো শ্বেফ্লাৰৰ অগ্ৰগতি কেতিয়াও গুৰুতৰ ভাবুকিৰ সন্মুখীন হোৱা নাছিল আৰু তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনতে আধিপত্য বিস্তাৰ কৰিছিল। এই বছৰ শ্বেফ্লাৰৰ চতুৰ্থটো ডাঙৰ খিতাপ আৰু দ্বিতীয়টো ডাঙৰ খিতাপ। মে’ মাহত পিজিএ চেম্পিয়নশ্বিপতো জয়ী হৈছিল।
২৯ বছৰীয়া শ্বেফলাৰে মুঠ ১৭ অণ্ডাৰ পাৰ স্ক’ৰেৰে খিতাপ দখল কৰে। আমেৰিকাৰ হেৰিছ ইংলিছ আৰু ক্ৰীছ গ’টাৰআপে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে, যাৰ বাবে শীৰ্ষ তিনিটা স্থান আমেৰিকাৰ খেলুৱৈয়ে দখল কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
