প্ৰায় ১৭ বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব অক্ষয় কুমাৰ আৰু ছৈফ আলী খানৰ যুটি। দুয়োগৰাকী তাৰকাই কাম কৰি আছে এখন ৰোমাঞ্চকৰ থ্ৰিলাৰ ছবি, যাৰ পৰিচালক কৰিছে প্ৰিয়দৰ্শনে, যিজনে ‘হেৰা ফেৰী’, ‘ভূল ভুলীয়া’ আৰু ‘দে ডানা দন’ৰ দৰে ছুপাৰহিট ছবি প্ৰদান কৰিছে। এতিয়া দৰ্শকৰ অপেক্ষা শেষ, কিয়নো অৱশেষত প্ৰকাশ পাইছে অক্ষয়-ছৈফ অভিনীত এই ছবিখনৰ নাম।
খবৰ অনুসৰি অক্ষয় কুমাৰ, ছৈফ আলী খান আৰু পৰিচালক প্ৰিয়াদৰ্শনৰ আগন্তুক ছবিখনৰ নাম দিয়া হৈছে ‘হাইৱান’। নিৰ্মাতাসকলে কয় যে এই শিৰোনামটো ছবিখনৰ কাহিনীৰ সৈতে একেবাৰে মিল আছে। কোৱা হৈছে যে ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ হৈছে আৰু ২০২৫ চনৰ আগষ্টৰ পৰা ইয়াৰ শ্বুটিং আৰম্ভ হ’ব।যদি সকলো সময়মতে হয়, তেন্তে অহা বছৰৰ মাজভাগলৈকে এই থ্ৰিলাৰ ছবিখন ছবিগৃহত মুক্তি পাব পাৰিব। অৱশ্যে মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।
অক্ষয় কুমাৰ আৰু ছৈফ আলী খানক শেষবাৰৰ বাবে একেলগে দেখা গৈছিল ২০০৮ চনৰ ‘তাশন’ ছবিত। কৰীনা কাপুৰ আৰু অনিল কাপুৰেও মুখ্য চৰিত্ৰত অভিনয় কৰা এই একচন-ড্ৰামা ছবিখনৰ পৰিচালনা বিজয় কৃষ্ণ আচাৰ্যই। অক্ষয় আৰু ছৈফৰ যুটিয়ে বলীউডক বহু হিট আৰু কাল্ট ক্লাছিক ছবি প্ৰদান কৰিছে যেনে ‘মে খিলাদি তু অনাৰি’ (১৯৯৪), ‘য়েহ দিল্লাগী’ (১৯৯৪), ‘তু চোৰ মই ছিপাহি’ (১৯৯৬) আৰু ‘কীমত’ (১৯৯৮), যিবোৰ দৰ্শকে ভাল পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
