ইষ্ট ৰাদাৰফোৰ্ড, ১০ জুলাই (হি.স.)। ফিফা ক্লাব বিশ্বকাপৰ ছেমি ফাইনেলত পেৰিছ ছেইণ্ট জাৰ্মেইন (পিএছজি)ৰ হাতত ০-৪ গ’লত পৰাজয়ৰ ফলত ৰিয়েল মাদ্রিদৰ কিংবদন্তি মিডফিল্ডাৰ লুকা মড্ৰিচৰ বাবে বিদায়ৰ মুহূৰ্ত হিচাপে প্ৰমাণিত হয়। এই মেচখন আছিল ৰিয়েল মাদ্রিদৰ হৈ মড্ৰিচৰ অন্তিমখন মেচ।
৩৯ বছৰীয়া ক্ৰ’ৱেচিয়ান তাৰকা মড্ৰিচে ২০১২ চনত ৰিয়েল মাদ্রিদত যোগদান কৰে আৰু তাৰ পিছত তেওঁ ক্লাবৰ সৈতে ২৮টা ডাঙৰ খিতাপ দখল কৰে। ইয়াৰ ভিতৰত আছে ছটা ইউএফএ চেম্পিয়নছ লীগ, চাৰিটা লা লিগা আৰু দুটা কোপা ডেল ৰেই খিতাপ। এই কৃতিত্বৰ জৰিয়তে মড্ৰিচে ৰিয়েল মাদ্রিদৰ ইতিহাসত সৰ্বাধিক ট্ৰফী লাভ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
মড্ৰিক কেৱল ক্লাবৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ হোৱাই নহয়, ৰিয়েল মাদ্রিদৰ হৈ আটাইতকৈ বয়সীয়াল গ’লদাতাৰ অভিলেখো তেওঁৰ হাতত আছে৷ পি এছ জিৰ বিৰুদ্ধে অন্তিমখন খেলত ৬৩ মিনিটত জুড বেলিংহামৰ ঠাইত মড্ৰিচে খেলপথাৰলৈ আহিছিল।
তেওঁৰ এই সিদ্ধান্তই এনে এটা যুগৰ অন্ত পেলাইছে, য’ত তেওঁ ৰিয়েল মাদ্রিদক ইউৰোপীয় আৰু বিশ্ব ফুটবলৰ নতুন উচ্চতালৈ লৈ গৈছিল ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
