নতুন দিল্লী, ১৭ জুলাই (হি.স.)। শীৰ্ষ বাছনিৰ টেনিছ খেলুৱৈ আৰিনা ছাবালেংকাই নেশ্যনেল বেংক অ’পেন (মণ্ট্ৰিয়েল টুৰ্ণামেণ্ট)ৰ পৰা আঁতৰি আহিছে। ইউ এছ অ’পেনৰ বাবে নিজকে ভালদৰে প্ৰস্তুত কৰিবলৈ আৰু অতিৰিক্ত জিৰণি ল’বলৈ তাই এই সিদ্ধান্ত লৈছে।
ছাবালেংকাই এক বিবৃতিত কয় যে উত্তৰ আমেৰিকাৰ হাৰ্ড ক’ৰ্ট ছিজন আৰম্ভ হোৱাৰ বাবে মই উৎফুল্লিত, কিন্তু সিদ্ধান্ত লৈছো যে এই ছিজনত উন্নত প্ৰদৰ্শনৰ বাবে মণ্ট্ৰিয়েলৰ বিৰুদ্ধে নেখেলাটো মোৰ বাবে সঠিক হ’ব।
মন কৰিবলগীয়া যে শেহতীয়াকৈ ছাবালেংকাই উইম্বলডনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত তেওঁ আমাণ্ডা এনিছিমোভাৰ হাতত পৰাস্ত হৈছিল।
২৭ জুলাইৰ পৰা আৰম্ভ হ’ব নেশ্যনেল বেংক অ’পেন যদিও এতিয়া আগষ্টৰ আৰম্ভণিতে ছাবালেংকাই চিনচিনাটি অ’পেনলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। ২০২৪ চনত প্ৰথমবাৰৰ বাবে জয়ী হোৱা ইউ এছ অ’পেন ২৪ আগষ্টৰ পৰা আৰম্ভ হোৱাৰ কথা।
দশম স্থানৰ প’লা বাডোছাইও আঘাতৰ বাবে এই প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিছে। ছাবালেংকা আৰু বাডোছাৰ ঠাইত কেটি মেকনেলি আৰু ময়ুকা উচিজিমাক মূল ড্ৰ’ত অন্তৰ্ভুক্ত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
