ব্ৰীজটাউন (বাৰ্বাডোছ), ২৮ জুন (হি.স.)। বাৰ্বাডোছ টেষ্টৰ তৃতীয় দিনা শুকুৰবাৰে জোছ হেজেলউডৰ (৫/৪৩) মাৰাত্মক বলিঙৰ ভিত্তিত ৱেষ্ট ইণ্ডিজক ১৫৯ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই শৃংখলাত এক দৰ্শনীয় জয় পঞ্জীয়ন কৰে। ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছ শেষৰ অধিবেশনতে সমাপ্ত হয়, য’ত নাথান লায়নে একেৰাহে দুটা বলত শেষৰ দুটা উইকেট দখল কৰি মেচখনৰ অন্ত পেলায়।
শ্বামাৰ জোচেফৰ আক্ৰমণাত্মক মনোভাৱ আৰু জাষ্টিন গ্ৰীভছৰ ডিফেন্সিভ বেটিঙৰ বাবে এটা সময়ত এনে লাগিছিল যে মেচখন চতুৰ্থ দিনলৈকে টানিব, অৱশ্যে শ্বামাৰ জোচেফক স্লিপত আৰু জেডেন ছিলছক শ্বৰ্ট লেগত আউট কৰি সেইদিনাই সন্ধিয়া মেচখনৰ অন্ত পেলায়।
হেডে লাভ কৰে ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা
দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰাৰ বাবে ট্ৰেভিছ হেডে ‘প্লেয়াৰ অৱ দ্য মেচ’ৰ সন্মান লাভ কৰে। কঠিন খেলপথাৰত তেওঁ সাহসেৰে বেটিং কৰাৰ লগতে ৱেষ্ট ইণ্ডিজৰ দুৰ্বল ফিল্ডিঙৰ পৰাও লাভৱান হৈছিল। মেচখনত ৱেষ্ট ইণ্ডিজে ৭টা কেচ এৰিছিল।
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত জিলিকি উঠিল কেৰী, ৱেবষ্টাৰ আৰু হেড
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত এলেক্স কেৰী (৬৫), বিউ ৱেবষ্টাৰ (৬৩) আৰু ট্ৰেভিছ হেডে (৬১) গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। কেৰীয়ে মাত্ৰ ৪০টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল, য’ত কিছুমান দৰ্শনীয় শ্বটোা আছিল। শ্বামাৰ জোচেফ আৰু জাষ্টিন গ্ৰীভছৰ বিৰুদ্ধে আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰাৰ লগতে তেওঁ পোনপটীয়া ছয়ো কোবায়।
হেজলউডে গুৰুত্বপূৰ্ণ উইকেট ল’লে, লায়নে অন্ত পেলালে
ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত হেজলউডে সৰ্বাধিক বিধ্বংসী ৰূপ ধাৰণ কৰে। একেটা অভাৰতে ব্ৰেণ্ডন কিং আৰু জন কেম্পবেলক আউট কৰাৰ লগতে ৰষ্টন চেজ আৰু কেছি কাৰ্টিকো ৱাক কৰিছিল। অধিনায়ক পেট কামিন্সেও লো বলত শ্বাই হোপৰ উইকেট লাভ কৰে, যিয়ে ইন টাৰ্নিং বলত বোল্ড কৰে। মাৰ্নাছ লাবুশ্বানে আলজাৰী জোচেফক সঠিক থ্ৰ’ৰে ৰান আউট কৰাৰ বিপৰীতে লায়নে শেষৰ দুটা উইকেট দখল কৰি মেচখন সমাপ্ত কৰে।
শ্বামাৰ জোচেফৰ সংগ্ৰামী ইনিংছ আৰু বলিং
ৱেষ্ট ইণ্ডিজৰ হৈ শ্বামাৰ জোচেফে ৪৪ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল আৰু দ্বিতীয় ইনিংছতো ৫ উইকেট দখল কৰিছিল যদিও তেওঁৰ প্ৰদৰ্শনে পৰাজয় ৰোধ কৰিব নোৱাৰিলে। মেচখনত তেওঁ সৰ্বাধিক অভাৰো বলিং কৰে।
চমুকৈ স্ক’ৰকাৰ্ড:
অষ্ট্ৰেলিয়া: ১৮০ আৰু ৩১০ ৰাণ (কেৰী ৬৫, ৱেবষ্টাৰ ৬৩, হেড ৬১, শ্বামাৰ জোচেফ ৫/৮৭)
ৱেষ্ট ইণ্ডিজ: ১৯০ আৰু ১৪১ ৰাণ (ছামাৰ জোচেফ ৪৪, হেজেলউড ৫/৪৩)।
ৱেষ্ট ইণ্ডিজক ১৫৯ ৰানত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
