নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। ভাৰতীয় হকীৰ সোণালী যুগৰ চাঞ্চল্যকৰ মিডফিল্ডাৰ তথা ১৯৭২ চনৰ মিউনিখ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী দলৰ অংশ ড° ভিছে পেজৰ মৃত্যুত হকী ইণ্ডিয়াই গভীৰ শোক প্ৰকাশ কৰিছে। ৮০ বছৰীয়া ড০ পেজে ক্ৰীড়া ক্ষেত্ৰখনৰ লগতে ক্ৰীড়া বিজ্ঞানৰ ক্ষেত্ৰতো অনন্য অৱদান আগবঢ়াই অগণন খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীক অনুপ্ৰাণিত কৰিছিল।
হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে আজি জাৰি কৰা এক শোক বাৰ্তাত কয় যে, আজি হকী ইণ্ডিয়াৰ বাবে এক অতি দুখজনক দিন। ড° পেজৰ মৃত্যুত ভাৰতীয় হকীৰ সোণালী যুগৰ অন্ত পৰিল। মিউনিখ অলিম্পিকৰ পদক তেওঁৰ গ্ৰিট আৰু দৃঢ়তাৰ সাক্ষ্য। তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলো আৰু তেওঁৰ খেলৰ প্ৰতি থকা আকৰ্ষণৰ পৰা সদায় অনুপ্ৰাণিত হৈছিলো। তেওঁ আছিল ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ প্ৰবল সমৰ্থক। দেশত হকী ইণ্ডিয়াৰ হৈ আমি তেওঁৰ পত্নী জেনিফাৰ, পুত্ৰ লিয়েণ্ডাৰ আৰু সমগ্ৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
হকী ইণ্ডিয়াৰ মহাসচিব ভোলা নাথ সিঙে কয়, হকী ইণ্ডিয়াৰ হৈ আমি লিয়েণ্ডাৰ, তেওঁৰ মাতৃ আৰু সমগ্ৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ক্ৰীড়া আৰু ক্ৰীড়া বিজ্ঞানৰ প্ৰতি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব আৰু তেওঁৰ উত্তৰাধিকাৰ চিৰদিনৰ বাবে জীয়াই থাকিব।
১৯৪৫ চনৰ এপ্ৰিল মাহত গোৱাত জন্মগ্ৰহণ কৰা ড° ভিছে পেজে ক্ৰীড়া আৰু শিক্ষা দুয়োটা দিশতে পাৰদৰ্শিতা দেখুৱাইছিল। হকীৰ উপৰিও বিভাগীয় ক্ৰিকেট, ফুটবল আৰু ৰাগবীতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। ৰাগবীৰ প্ৰতি থকা প্ৰেমৰ বাবেই তেওঁ ১৯৯৬ চনৰ পৰা ২০০২ চনলৈ ভাৰতীয় ৰাগবী ফুটবল ইউনিয়নৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পুত্ৰ টেনিছ তাৰকা লিয়েণ্ডাৰ পেছে বহুবাৰ কৈছে যে তেওঁৰ পিতৃয়েই তেওঁক ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ আবেগ আৰু প্ৰেৰণা দিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
