ধুবুৰী, ১৭ জুলাই (হি.স.): ধুবুৰী জিলাৰ আনান্দনগৰ বাঙ্গালীপাৰা গাওঁ পঞ্চায়তৰ উদ্যোগত প্ৰাক্তন সভাপতি জামাল হকৰ সভাপতিত্বত আনান্দনগৰ বাঙ্গালীপাৰা স্থানীয় কাৰ্য্যলয়ৰ চৌহদত যোৱাকালি বুধবাৰে সন্ধিয়া এখন আদৰণি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন সভাপতি জামাল হক লগতে অতিথিহিচাপে উপস্থিত থাকে পঞ্চায়ত খনৰ সচিব ধিৰেন তালুকদাৰ প্ৰাক্তন আঞ্চলিক সদস্য মজ্জামেল হক, প্ৰাক্তন আঞ্চলিক সদস্যা ৰৌশনাৰা বেগম লগতে আন বহুতো গন্যমাণ্য ব্যক্তি উপস্থিত থকা দেখিবলৈ পোৱা যায়।
আনহাতে উক্ত আদৰণি সভা খনত উদ্দেস্য ব্যাখ্যা কৰে পঞ্চায়ত খনৰ টেক্স কালেকটৰ আমিনুৰ ইচ্ছলামে । আদৰণি সভাখনত নৱ নিৰ্ববাচিত সভানেত্ৰী মদিনা পাৰবিনৰ লগতে উপ-সভানেত্ৰী মছাদিকা আহমেদ, আঞ্চলিক সদস্যা ৰঞ্জুমা খাতুনক লগতে পঞ্চায়ত খনৰ নৱ নিৰ্ববাচিত সকলো সদস্য সদস্যাক এখনকৈ ফুলাম গামছাৰে সম্বধৰ্ণা জনাই আদৰণি জনোৱা দেখিবলৈ পোৱা যায়। পঞ্চায়ত খনৰ নৱ নিৰ্ববাচিত সভানেত্ৰী মদিনা পাৰবিন, উপ-সভানেত্ৰী মছাদিকা আহমেদ আৰু পঞ্চায়ত খনৰ আঞ্চলিক সদস্যা ৰঞ্জুমা খাতুনৰ লগতে পঞ্চায়ত খনৰ সকলো সদস্য সদস্যাই পঞ্চায়ত খনত সচ্ছ আৰু নিকা ভাৱে কাম কৰি যাব বুলি মত প্ৰকাশ কৰে । লগতে পঞ্চায়ত খনত চৰকাৰে দিয়া আঁচনি সমূহ সঠিক ভাৱে ৰাইজৰ মাজত বিতৰণ কৰিব বুলি ৰাইজক আশাস প্ৰদান কৰে। উক্ত আদৰণি সভাখনত কেইবা শতাধিক ৰাইজ উপস্থিত থকা দেখিবলৈ পোৱা যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
