• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভৱ্য ট্ৰফী যাত্ৰাৰ সৈতে পুনৰ ইম্ফললৈ উভতি আহিছে ডুৰাণ্ড কাপ
Sports

ভৱ্য ট্ৰফী যাত্ৰাৰ সৈতে পুনৰ ইম্ফললৈ উভতি আহিছে ডুৰাণ্ড কাপ

CliQ INDIA
Last updated: July 11, 2025 11:25 am
CliQ INDIA
Share
5 Min Read
SHARE

ইম্ফল, ১০ জুলাই (হি.স.)। এছিয়াৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় ফুটবল প্ৰতিযোগিতা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ট্ৰফীক বৃহস্পতিবাৰে ইম্ফলত ভৱ্য আদৰণি জনোৱা হয়। দুবছৰৰ ব্যৱধানৰ অন্তত পুনৰবাৰ ৰাজধানী মণিপুৰলৈ ঘূৰি আহিছে এই ঐতিহাসিক প্ৰতিযোগিতা। এই উপলক্ষে আয়োজন কৰা ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে ডুৰাণ্ড কাপৰ তিনিওটা জিলিকি থকা ট্ৰফী – মূল ডুৰাণ্ড কাপ, ৰলিং শিমলা ট্ৰফী (যিটো ১৯০৪ চনত শিমলাৰ নাগৰিকে উপহাৰ দিছিল), আৰু প্ৰেছিডেন্ট কাপ (যিটো বিজয়ী দলটোৱে স্থায়ীভাৱে ৰাখে) – ইম্ফলৰ চিটি কনভেনচন চেণ্টাৰত প্ৰদৰ্শিত হৈছিল।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লা। তেওঁৰ লগত মণিপুৰ চৰকাৰৰ মুখ্য সচিব প্ৰশান্ত কুমাৰ সিং আই এ এছ, লগতে ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বহু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ইয়াৰ ভিতৰত আছিল – লেফটেনেণ্ট জেনেৰেল মোহিত মালহোত্ৰা এ ভি এছ এম, এছ এ এম, ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কৰ্মচাৰী আৰু ডুৰাণ্ড কাপ আয়োজক সমিতিৰ অধ্যক্ষ, লেফটেনেণ্ট জেনেৰেল অভিজিত এছ পেন্ধাৰকাৰ এ ভি এছ এম, ৱাই এছ এম, জেনেৰেল অফিচাৰ কমাণ্ডিং, ৩ কৰ্পছ। মেজৰ জেনেৰেল এছ এছ কাৰ্তিকেয়া ৱাই এছ এম, এছ এম, জেনেৰেল অফিচাৰ কমাণ্ডিং, ৫৭ মাউণ্টেন ডিভিজন। মেজৰ জেনেৰেল ৰাভাৰৰূপ সিং ৱাই এছ এম, এছ এম. অসম ৰাইফলছৰ মহাপৰিদৰ্শক (দক্ষিণ); শ্ৰী ৰাজীৱ সিং (আই পি এছ), আৰক্ষী সঞ্চালক প্ৰধান, মণিপুৰ।

এই উপলক্ষে ভাষণ দি ৰাজ্যপাল ভল্লাই কয়, ‘১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতা ইম্ফলত পুনৰবাৰ অনুষ্ঠিত হোৱাটো আমাৰ ৰাজ্যৰ ফুটবলৰ প্ৰতি গভীৰ আকৰ্ষণ আৰু অসামৰিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহৰ সংযুক্ত প্ৰচেষ্টাৰ সাক্ষ্য। এই সন্মানীয় প্ৰতিযোগিতাখনক ফুটবল-প্ৰেমৰ ভূমিলৈ অনাৰ বাবে ভাৰতীয় সেনাবাহিনী বিশেষকৈ ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো । ক্ৰীড়া আমাৰ ৰাজ্যৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। মণিপুৰ সদায় ক্ৰীড়াৰ উৎকৃষ্টতাৰ পথ প্ৰদৰ্শক, দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ ৰাষ্ট্ৰীয় নায়ক আৰু অলিম্পিয়ান উৎপাদন কৰি আহিছে। ১৩৪ সংখ্যক ডুৰাণ্ড কাপ সংস্কৰণৰ ডাঙৰ সফলতা কামনা কৰিলোঁ। মোৰ বিশ্বাস যে এই সংস্কৰণটো পূৰ্বতকৈ অধিক ভৱিষ্যৎ, ভাল আৰু ৰোমাঞ্চকৰ হ’ব। অংশগ্ৰহণ কৰা সকলো দললৈ মোৰ আন্তৰিক শুভেচ্ছা। আপোনালোক সকলোৱে মৰ্যাদা, সাহস আৰু আবেগেৰে খেলক আৰু আপোনালোকৰ প্ৰেৰণাদায়ক ক্ৰীড়াবিদ্যাৰে অগণন যুৱ হৃদয়ক অনুপ্ৰাণিত কৰক।”

লেফটেনেণ্ট জেনেৰেল মোহিত মালহোত্ৰাই কয়, ‘১৩৭ বছৰতকৈও অধিক সময় ধৰি ডুৰাণ্ড কাপে ভাৰতীয় ফুটবলৰ বিৱৰ্তনৰ যাত্ৰাৰ সাক্ষী হৈ আহিছে – মহান খেলুৱৈ উৎপাদন কৰি, সম্প্ৰদায়সমূহক সংযোগ কৰি আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আবেগৰ শিখা জীয়াই ৰাখিছে সমগ্ৰ দেশৰ অংশীদাৰসকলে এই প্ৰতিযোগিতাখনে ইয়াৰ উত্তৰাধিকাৰ অনুসৰি জীয়াই থকাটো নিশ্চিত কৰিছে আৰু লগতে আধুনিক পেছাদাৰী মানদণ্ডকো আকোৱালি লৈছে। এই মহানগৰীৰ জনসাধাৰণ, ফুটবল প্ৰেমী, আৰু মণিপুৰৰ শক্তিশালী যুৱক-যুৱতীসকলক আগুৱাই আহিবলৈ, ইতিহাসৰ অংশ হ’বলৈ, আৰু আপোনাৰ দুৱাৰমুখতে বিশ্বমানৰ ফুটবল উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো। আহক আমি সকলোৱে একত্ৰিত হৈ এই সুন্দৰ খেলখন উদযাপন কৰোঁ, পৰম্পৰাক সন্মান জনাওঁ, আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰোঁ”।

লেফটেনেণ্ট জেনেৰেল অভিজিৎ এছ পেন্ধৰকাৰে কয়, ‘ইতিহাস আৰু পৰম্পৰাৰে ডুব যোৱা প্ৰতিষ্ঠিত ডুৰাণ্ড কাপ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখন কেৱল ক্ৰীড়াৰ দক্ষতাৰ উদযাপন নহয় বৰঞ্চ ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু সাধাৰণ মানুহৰ মাজত থকা চিৰস্থায়ী বন্ধনৰ জীৱন্ত প্ৰতীক। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই অনন্য প্ৰতিযোগিতাখন সতীৰ্থতা, অনুশাসন আৰু ক্ৰীড়া মনোভাৱৰ প্ৰতীক হৈ আহিছে। মণিপুৰৰ দৰে গৌৰৱময় ৰাজ্যত পুনৰবাৰ এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ অনুষ্ঠিত হোৱাটো সঁচাকৈয়ে এক ঐতিহাসিক আৰু গৌৰৱৰ মুহূৰ্ত – যিখন ভূমি নিজৰ যুঁজাৰু মনোভাৱ, চহকী সাংস্কৃতিক ঐতিহ্য আৰু ফুটবলৰ প্ৰতি অমৰ প্ৰেমৰ বাবে পৰিচিত। এইবেলি ইম্ফলত ডুৰাণ্ড কাপ আয়োজন কৰাত মাননীয় ৰাজ্যপাল শ্ৰীযুত অজয় ​​কুমাৰ ভল্লাজী ডাঙৰীয়াই তেখেতৰ আন্তৰিক সমৰ্থন আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ”।

পুৱাৰে পৰা সেন্দ্ৰাৰ পৰা আৰম্ভ হোৱা ট্ৰফী ভ্ৰমণে মৈৰাং, বিষ্ণুপুৰ, নামবোল, কেশম্পট জংচন, সিংজামি বি আৰ, মণিপুৰ বিশ্ববিদ্যালয়, কংলা পশ্চিম গেট, চিংমেইৰং (যুদ্ধ স্মাৰক) আৰু লামলং বজাৰৰ মাজেৰে গৈ চিটি কনভেনচন চেণ্টাৰত উপস্থিত হয়।

এই অনুষ্ঠানত মণিপুৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ আঠগৰাকী খেলুৱৈ- অধিনায়ক নগঙাংবাম ছুইটি দেৱী, এলাংবাম পান্থোই চানু, নংমাইথেম ৰতনবালা দেৱী, হেমাম শিলকি দেৱী, গ্ৰেচ ডাংমেই, ফাঞ্জুবাম নিৰ্মলা দেৱী আৰু ২০২৬ চনৰ এ এফ চি মহিলা এছিয়া কাপৰ বাবে যোগ্যতা অৰ্জন কৰা লিণ্ডা চেৰটো কমও ফ্লেগ-অফ অনুষ্ঠানত উপস্থিত থাকে।

ইম্ফলত মুঠ ৬খন খেল অনুষ্ঠিত হ’ব। ৩০ জুলাইত খুমন লামপাক ষ্টেডিয়ামত স্থানীয় দল নেৰোকা এফ চি আৰু ট্ৰাউ এফ চিৰ মাজত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত মণিপুৰ ডাৰ্বি। গ্ৰুপটোত ৰিয়েল কাশ্মীৰ এফ চি আৰু ভাৰতীয় নৌসেনাৰ ফুটবল দলো অন্তৰ্ভুক্ত আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

এদিনীয়া খেলৰ পৰা অৱসৰ লোৱাৰ পাছতো ভিক্টোৰিয়াৰ হৈ ৫০ অভাৰৰ ক্ৰিকেটলৈ ঘূৰি আহিছে মেক্সৱেল
কেৰালা ব্লাষ্টাৰছক আদৰণি জনাব ওডিছা | BulletsIn
দশম অল ইণ্ডিয়া পুলিচ গেমছত আইটিবিপিৰ গৌৰৱ মৌৰ্যৰ স্বৰ্ণ পদক লাভ
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বগা বল শৃংখলাৰ বাবে ভাৰতীয় মহিলা দল ঘোষণা, মন্নত কাশ্যপৰ নতুন মুখ
আই পি এল ২০২৫: চি এছ কে প্লে অফৰ দৌৰৰ পৰা বাহিৰ, ধোনিয়ে কয় – কেচ এৰাটোৱেই মাতিলে বিপদ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰতৰ চহৰসমূহৰ ছিন্নভিন্ন ভেটি: জৰুৰী নগৰ সংস্কাৰৰ আহ্বান | BulletsIn
Next Article বজালীৰ ৰাজঘাটত চোৰাং তেলৰ ঘাটি উৎখাত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?