
বজালী, ১১ জুলাই (হি.স.): বজালীৰ ভৱানীপুৰ আৰক্ষীয়ে অবৈধ চোৰাং তেলৰ বিৰুদ্ধে লাভ কৰে সফলতা ।বজালীৰ ৰাজঘাটত যোৱা কালি বৃহস্পতিবাৰে বিয়লি চোৰাং তেলৰ ঘাটি উৎখাত কৰে ।
ভৱানীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান । প্ৰায় ১০০০ লিটাৰ চোৰাং ডিজেল জব্দ কৰা হয়। চোৰাং তেল ব্যৱসায়ী কচুম উদ্দিমক আটক কৰা হৈছে। দীৰ্ঘদিন ধৰি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নিজ গৃহত চলাইছিল চোৰাং তেলৰ ব্যৱসায়।ঘটনাস্থলীত দণ্ডাধীশ সহ যোগান বিভাগৰ দল উপস্থিত হৈ চোৰাং তেলখিনি জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
