মেলবৰ্ণ, ১৬ ছেপ্টেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ গ্লেন মেক্সৱেলে (৩৬) চলিত বৰ্ষৰ আৰম্ভণিতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও ইয়াৰ পিছতো তেওঁ নিজৰ ৰাজ্য ভিক্টোৰিয়াৰ হৈ ৫০ অভাৰ ক্ৰিকেট খেলি আগন্তুক নিউজিলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে প্ৰস্তুতি চলোৱা দেখা যাব। নতুন ছিজনৰ ডিন জ’নছ ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে ১৪ জনীয়া ভিক্টোৰিয়া দলত অন্তৰ্ভুক্ত হৈছে মেক্সৱেল।
ভিক্টোৰিয়া দলটোৱে বুধবাৰ আৰু শুকুৰবাৰে এলান বৰ্ডাৰ ফিল্ডত কুইন্সলেণ্ড আৰু তাছমেনিয়াৰ বিৰুদ্ধে খেলিব । ২০২২ চনৰ মাৰ্চ মাহত ভিক্টোৰিয়াৰ হৈ মেক্সৱেলে মাত্ৰ এখন লিষ্ট এ মেচ খেলিছে, যিখন মেচ আছিল যোৱা বছৰৰ অক্টোবৰ মাহত নিউ চাউথ ৱেলছৰ বিৰুদ্ধে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত মেট শ্বৰ্টেও আঘাতৰ পৰা সুস্থ হৈ উঠিছে। জুলাই মাহত মেজৰ লীগ ক্ৰিকেট (এম এল চি) খেলাৰ পিছৰে পৰা তেওঁ খেলপথাৰত অৱতীৰ্ণ হোৱা নাছিল। প্ৰথমখন মেচ খেলি ইণ্ডিয়া এ দলত যোগদান কৰিবলৈ লক্ষ্ণৌলৈ ৰাওনা হ’ব অধিনায়ক উইল ছাথাৰলেণ্ড। ইয়াৰ পিছত পিটাৰ হেণ্ডস্কমব দলৰ অধিনায়ক হিচাপে থাকিব।
একে সময়তে যুৱ বেটছমেন অলিভাৰ পিক আৰু স্পিনাৰ টড মাৰ্ফি বৰ্তমান ইণ্ডিয়া এ ভ্ৰমণত আছে। দুয়োখন মেচ খেলি ভাৰতলৈ ৰাওনা হ’ব হেৰী ডিক্সন আৰু ছেম ইলিয়টে, য’ত তেওঁলোকে ৩০ ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’বলগীয়া ৫০ অভাৰৰ মেচত অষ্ট্ৰেলিয়া এৰ হৈ খেলিব।
আনহাতে, কুইন্সলেণ্ডৰ অধিনায়ক হ’ব মাৰ্নাছ লাবুশ্বানে। বুধবাৰে দলটোৱে ভিক্টোৰিয়া আৰু দেওবাৰে পশ্চিম অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ইণ্ডিয়া এৰ সৈতে থকাৰ বাবে দ্ৰুত বলাৰ জেভিয়াৰ বাৰ্টলেট উপলব্ধ নহয়, আনহাতে মাৰ্ক ষ্টেকেটি (হামষ্ট্ৰিং) আৰু কেলাম ভিডলাৰ (ষ্ট্ৰেছ ফ্ৰেক্টৰ) আঘাতপ্ৰাপ্ত। টেষ্ট অ’পেনাৰ উছমান খোৱাজাইও এই সপ্তাহত ৫০ অভাৰৰ মেচত খেলিব নোৱাৰিব আৰু শ্বিল্ড ছিজন আৰু এছেছ ছিৰিজৰ বাবে প্ৰস্তুতি চলাব।
নিউ চাউথ ৱেলছৰ প্ৰাক্তন অল ৰাউণ্ডাৰ হেডেন কেৰ আৰু ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ বিজয়ী অধিনায়ক হিউ ৱাইবগেনে কুইন্সলেণ্ডৰ হৈ অভিষেক ঘটাব পাৰে। আঘাতপ্ৰাপ্ত এৰন হাৰ্ডিৰ ঠাইত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া এ দলত অন্তৰ্ভুক্ত হৈছে লাচলান হাৰ্নীক।
ভিক্টোৰিয়া দল: উইল চাথাৰলেণ্ড, পিটাৰ হেণ্ডস্কম, ব্লেক মেকড’নাল্ড, কেলাম ষ্ট’, কেমেৰন মেকক্লুৰ, ডেভিদ মুডী, গ্লেন মেক্সৱেল, হেৰী ডিক্সন, মাৰ্কাছ হেৰিছ, মেট শ্বৰ্ট, মিচ পেৰী, ছেম ইলিয়ট, ছেম হাৰ্পাৰ, টম ৰজাৰ্ছ।
কুইন্সলেণ্ডৰ দল: মাৰ্নাছ লাবুশ্বেন (অধিনায়ক), জেক ক্লেটন, বেঞ্জি ফ্ল’ৰ’ছ, লাচলান হাৰ্নি, হেডেন কেৰ, মাইকেল নেজাৰ, জিমি পিয়ৰছন, মেথিউ ৰেনশ্ব’, গুৰিণ্ডাৰ সান্ধু, টম ষ্ট্ৰেকাৰ, মিচেল ছুইপছন, হিউ ৱেইবগেন, জেক উইল্ডাৰমুথ।
हिन्दुस्थान समाचार / অৰৱিন্দ
