– একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ কৰি একক অগ্ৰগতি লাভ
জাগ্ৰেব (ক্ৰ’ৱেচিয়া), ০৪ জুলাই (হি.স.)। ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ তথা বৰ্তমানৰ বিশ্ব চেম্পিয়ন ডি গুকেশে ২০২৫ৰ গ্ৰেণ্ড চেছ ট্যুৰৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে ষষ্ঠ ৰাউণ্ডত নৰৱেৰ বিশ্ব নম্বৰ ১ মেগনাছ কাৰ্লছনক পৰাস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰে। এই জয়েৰে প্ৰতিযোগিতাখনত ১০ পইণ্টেৰে একক অগ্ৰগতি লাভ কৰিছে গুকেশে।
প্ৰথম দিনটোৰ শেষত গুকেশ যুটীয়া নেতা আছিল যদিও এতিয়া তেওঁ নিজকে আগস্থানত ৰাখিছে। ইয়াৰ পূৰ্বে চতুৰ্থ আৰু পঞ্চম ৰাউণ্ডত তেওঁ উজবেকিস্তানৰ নোদিৰবেক আব্দুছাত্তাৰভ আৰু আমেৰিকাৰ ফেবিয়ানো কাৰুয়ানাক পৰাস্ত কৰিছিল।
গুকেছৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে কাৰ্লছনে এক বিবৃতিত কৈছিল যে তেওঁ এই মেচখন এনেদৰে ল’ব যেন তেওঁ “দুৰ্বল খেলুৱৈ”ৰ সৈতে খেলিছে। তেওঁ কৈছিল, যোৱাবাৰ ইয়াত গুকেশে ভাল প্ৰদৰ্শন কৰিছিল, কিন্তু এই ফৰ্মেটত তেওঁ যে অন্যতম শ্ৰেষ্ঠ খেলুৱৈ সেই কথা এতিয়াও প্ৰমাণিত হোৱা নাই… মই তেওঁক দুৰ্বল খেলুৱৈৰ ভিতৰত এজন হিচাপে খেলিম। কিন্তু গুকেশে ব’ৰ্ডত উজ্জ্বল পদক্ষেপেৰে উপযুক্ত উত্তৰ দি প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীক পৰাস্ত কৰে।
গুকেশ আৰু কাৰ্লচেনৰ তিনিখন মেচৰ শৃংখলাৰ প্ৰথমখন মেচ আছিল ৰেপিড ফৰ্মেটত। পৰৱৰ্তী দুখন মেচ ব্লিটজ ফৰ্মেটত অনুষ্ঠিত হ’ব। গুকেশৰ এই বিজয় কেৱল ব্যক্তিগত কৃতিত্ব নহয়, ভাৰতীয় দবা খেলৰ ক্ৰমবৰ্ধমান আধিপত্যৰ প্ৰতীক হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
