হাংঝু, ২৭ অক্টোবৰ (হি.স.)। চীনত চলি থকা চতুৰ্থ এছিয়ান পেৰা গেমছত শুকুৰবাৰে ভাৰতৰ শীতল দেৱীয়ে মহিলাৰ কম্পাউণ্ড মুকলি ইভেণ্টত বহুল আকাংক্ষিত স্বৰ্ণ পদক লাভ কৰে। শীতল দেৱীয়ে ধনুৰ্বিদ্যাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই মহিলাৰ কম্পাউণ্ড মুকলি ইভেণ্টত ছিংগাপুৰৰ আলীম নূৰ চিয়াহিদাক পৰাস্ত কৰে। এইখন আছিল অতি নিকট মেচ, কিয়নো সঠিকতাৰ বাবেই প্ৰথম তিনিটা ছেটত এক পইণ্টৰ অগ্ৰগতি লাভ কৰিছিল আলীম নূৰে। প্ৰথম তিনিটা ছেট শেষ হোৱাৰ পাছত শেষৰ দুটা ছেট বাকী থকা অৱস্থাত তিনি পইণ্টৰ অগ্ৰগতি লাভ কৰে। খেলখনত জয়ী হ’বলৈ শীতলে বেক টু বেক নিখুঁত স্ক’ৰ কৰিছিল যদিও আলীম নূৰে কেইটামান শ্বটৰ সহায়ত নিৰ্দিষ্ট স্ক’ৰ হেৰুৱাইছিল। শেষত মুঠ ১৪৪-১৪২ স্ক’ৰেৰে বিজয়ী হয় শীতল।
বৃহস্পতিবাৰে ভাৰতে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু ইণ্ডোনেছিয়াত পূৰ্বৰ ৭২টা পদকৰ অভিলেখ ভংগ কৰি মুঠ ৮২টা পদক লাভ কৰি দিনটোৰ অন্ত পেলায়। বৰ্তমান ভাৰতে মুঠ ৮৩টা পদক লাভ কৰিছে, য’ত ১৯টা স্বৰ্ণ, ২৩টা ৰূপ আৰু ৪১টা ব্ৰঞ্জৰ পদক আছে। ২০১৮ চনত ভাৰতে ৭২টা পদক লাভ কৰিছিল, য’ত ১৫টা সোণ, ২৪টা ৰূপ আৰু ৩৩টা ব্ৰঞ্জৰ পদক আছিল।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
