মেলবৰ্ণ, ২৮ নৱেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াই অহা ৪ ডিচেম্বৰ বৃহস্পতিবাৰে ব্রিজবেনত আৰম্ভ হ’বলগীয়া দিবা-নৈশ এছেছ টেষ্টৰ বাবে দলত কোনো পৰিৱৰ্তন কৰা নাই। পেট কামিন্স আৰু জোছ হেজলউড পুনৰবাৰ দলৰ পৰা বাহিৰত থাকিব। এই সপ্তাহত ছিডনীত দুয়োজন বেগী বলাৰক নেটত অনুশীলন কৰা দেখা গৈছিল যদিও দল পৰিচালনা সমিতিয়ে এতিয়াও তেওঁলোকক ফিট ঘোষণা কৰা নাই। অৰ্থাৎ ষ্টিভ স্মিথে দলটোৰ অধিনায়ক হিচাপে থাকিব।
পাৰ্থ টেষ্টৰ দৰেই কামিন্সেও নিজৰ প্ৰস্তুতি অব্যাহত ৰাখিবলৈ ব্রিজবেনত দলটোৰ সৈতে থাকিব৷
ইফালে, উছমান খোৱাজাক পিঠিত আঘাত পোৱাৰ পাছতো আৰু পাৰ্থত প্ৰথম ইনিংছত মাত্ৰ এটা ৰান সংগ্ৰহ কৰাৰ পিছতো দলত ৰখা হৈছে। দ্বিতীয় ইনিংছত তেওঁ বেটিং কৰা নাছিল কাৰণ তেওঁ কেচ লোৱাৰ সময়ত আঘাত আৰু অধিক ভয়াৱহ কৰি তুলিছিল। ইয়াৰ বাবেই ট্ৰেভিছ হেডে ইনিংছটো মুকলি কৰিবলগীয়া হৈছিল, আৰু তেওঁ মাত্ৰ ৮৩টা বলত ১২৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলি দলটোক এটা অধিবেশনত ২০৫ ৰানৰ লক্ষ্য খেদিবলৈ সহায় কৰিছিল।
এতিয়া অষ্ট্ৰেলিয়াই খেলা একাদশৰ পৰা খোৱাজাক বাদ দি ইনিংছ মুকলি কৰিবলৈ হেডক পঠিয়াই দিয়ে নেকি সেয়া চাবলৈ আগ্ৰহী হ’ব। এনে পৰিস্থিতিত অলৰাউণ্ডাৰ বিউ ৱেবষ্টাৰক ৬ নম্বৰত অন্তৰ্ভুক্ত কৰিব পাৰে।
পাঁচখন খেলৰ শৃংখলাত অষ্ট্ৰেলিয়াই ১-০ ব্যৱধানত আগবাঢ়ি আছে আৰু চাৰিখন টেষ্ট খেল বাকী আছে। ৩০ নৱেম্বৰ দেওবাৰে ব্রিজবেনত একত্রিত হ’ব দলটোৱে ৷
অষ্ট্ৰেলিয়াৰ দলটো এনেধৰণৰ-
ষ্টিভ স্মিথ (অধিনায়ক), স্কট ব’লেণ্ড, এলেক্স কেৰী, ব্ৰেণ্ডন ডগেট, কেমেৰন গ্ৰীণ, ট্ৰেভিছ হেড, জোছ ইংলিছ, উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বেন, নাথান লায়ন, মাইকেল নেজাৰ, মিচেল ষ্টাৰক, জেক ৱেদাৰল্ড, বিউ ৱেবষ্টাৰ।
हिन्दुस्थान समाचार / অৰৱিন্দ
