হোজাই ২৭ নৱেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। লামডিং পেট্ৰ’ল পাম্পৰ পুনম এজেন্সীৰ ওচৰত এখন বাছ আৰু এখন গাড়ীৰ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত গাড়ীৰ নং এআৰ ০১ এন ৯৬৮২ নম্বৰৰ বাহন আৰু এএছ ১২ এচি ৫৮০৯ নম্বৰৰ বাছৰ মাজত এই সংঘৰ্ষ লাগে। জানিব পৰা মতে, গাড়ীখন গুৱাহাটীৰ পৰা লামডিঙলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
