শিৱসাগৰ, ২৩ নৱেম্বৰ (হি স)। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মাজত মাত্ৰ কেইটামান দিন। অহা ২৭ নৱেম্বৰত ৰাস পূৰ্ণিমাৰ দিনৰ পৰা আয়োজিত হ’ব ৰাসলীলা। শিৱসাগৰৰ ডিমৌ ৰাজহুৱা খেলপথাৰতো শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে ।
ডিমৌবাসী ৰাইজৰ উদ্যোগত তথা দাঁতিকাষৰীয়া ৰাইজৰ উদ্যোগত অহা ইংৰাজী ২৯ আৰু ৩০ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ডিমৌ ৰাজহুৱা খেলপথাৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছে। এই উপলক্ষে ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী সকল। নৃত্য-গীতৰ লগতে চলিছে নাটকৰো আখৰা। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে চৌপাশ। ইফালে ডিমৌ ৰাজহুৱা খেলপথাৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাৰ প্ৰথম নিশা দেৱলোকৰ পৰা কালীয় দমনলৈকে আৰু দ্বিতীয় নিশা মহাৰাসৰ পৰা কংশ বধলৈকে নাট মঞ্চস্থ হ’ব। স্থানীয় শিল্পীৰ লগতে কংস, দৈৱকী, নাৰদ, কৃষ্ণকে ধৰি বহু কেইটা মূখ্য চৰিত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভা সম্পন্ন নিমন্ত্ৰিত শিল্পীয়ে অভিনয় কৰিব। উদ্যোক্তা সমিতিয়ে দুয়োদিনৰ ৰাসলীলাত সমূহ ৰাসপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰাৰ লগতে সাদৰেৰে নিমন্ত্ৰণ জনাইছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
