
হোজাই, ১৫ ছেপ্টেম্বৰ (হি.স.): হোজাই জিলাৰ লামডিং লঙ্কা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংঘটিত হৈছে। যোৱা কালি দেওবাৰে ৫.৯ ৰিখটাৰ স্কেল ভুমিকম্পত সমগ্ৰ অসম জোকাৰি গৈছল। কালি নিশা ভাগত প্ৰৱল বৃষ্টিপাত হৈছিল অঞ্চলটোত সেই বাবেই২৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিকম্পৰ পিছত এই ভূমিস্খলন হৈছে।
পাহাৰৰ পৰা মাটি খহি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা । এই ভূমিস্খলনৰ ফলত যাত্ৰী সকল যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ভূমিস্খলন ফলত ৰাস্তাৰ উপৰত পাহৰ ভাঙি মাটি খহি পৰে। ইফালে অতি সোনকালে যাতে যাত্ৰী সকল এই ৰাস্তা হৈ আগৰ দৰেই অহা–যোৱা কৰিব পাৰে তাৰ বাবে চৌধুৰী কনট্ৰাকচন তৎ্পৰ হৈ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
