অকলেণ্ড, ১৫ ছেপ্টেম্বৰ (হি.স.)। নিউজিলেণ্ড ক্ৰিকেটে সোমবাৰে নিশ্চিত কৰে যে দলটোৰ প্ৰবীণ বেটছমেন কেন উইলিয়ামছন আৰু ডেভন কনৱেৰ লগতে লকি ফাৰ্গুচন, ফিন এলেন আৰু টিম ছেইফাৰ্টে ২০২৫-২৬ ছিজনৰ বাবে অস্থায়ী খেলৰ চুক্তিত সন্মতি প্ৰকাশ কৰিছে।
এই চুক্তিৰ অধীনত খেলুৱৈসকলে বিশ্বব্যাপী ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগত অংশগ্ৰহণ কৰিব পাৰিব যদিও নিউজিলেণ্ডৰ উচ্চ প্ৰদৰ্শন ব্যৱস্থাৰ সৈতেও জড়িত হৈ থাকিব। লগতে প্ৰশিক্ষক, চিকিৎসা আৰু মানসিক দক্ষতাৰ সহায়ৰ লগতে জিম আৰু ক্ৰিকেটৰ সুবিধাও লাভ কৰিব।
এই পাঁচগৰাকী খেলুৱৈয়ে অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰিছে। অৱশ্যে চুক্তিৰ চৰ্ত অনুসৰি প্ৰতিযোগিতাৰ পূৰ্বে নিৰ্দিষ্ট সংখ্যক ছিৰিজ আৰু মেচৰ বাবে তেওঁলোক উপলব্ধ হ’ব লাগিব।
১ অক্টোবৰৰ পৰা মাউণ্ট মাউংগানুইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টি-২০ শৃংখলাৰ পৰা নিজকে অনুপলব্ধ বুলি ঘোষণা কৰিছে উইলিয়ামছনে। একে সময়তে আঘাতৰ বাবে ফিন এলেনও শৃংখলাৰ পৰা আঁতৰি থাকিব। বুধবাৰে ঘোষণা কৰা হ’ব চেপেল-হেডলী ছিৰিজৰ দল।
এন জি চিৰ চি ই অ’ স্কট উইনিঙে কয় যে, বিশ্বকাপৰ দৰে ডাঙৰ প্ৰতিযোগিতাৰ পূৰ্বে আমি বিচাৰিছিলো যে আমাৰ শ্ৰেষ্ঠ টি-২০ খেলুৱৈসকল সাজু আৰু উপলব্ধ হওক। আকস্মিক চুক্তিখনে খেলুৱৈসকলৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে আৰু বিনিময়ত এন জি চিয়ে তেওঁলোকক আমাৰ সম্পূৰ্ণ উচ্চ প্ৰদৰ্শনৰ সুবিধা প্ৰদান কৰিব।
তেওঁ আৰু কয় যে খেলুৱৈসকলৰ পৰা অহা বাৰ্তা স্পষ্ট – ব্লেককেপছৰ হৈ খেলাটোৱেই তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
