বঙাইগাঁও, ২৫ জুন (হি.স.): বঙাইগাঁৱত যোৱা কালি মঙ্গলবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।বঙাইগাঁৱৰ বৰপাৰা জগন্নাথ মন্দিৰৰ সমীপত সংঘটিত হয় উক্ত পথ দুর্ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই এএছ ১৯ ভি ৫৭৩২ নম্বৰৰ বাইকখন পথত বাগৰি পৰে। ফলত বাইক আৰোহী গৰাকী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। ব্যক্তিগৰাকীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
