
শিৱসাগৰ, ১০ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰত যোৱাকালি মঙলবাৰে নিশা ভয়াৱহ কাণ্ড সংঘটিত হয় ।খুকুৰীৰে এজনক প্ৰাণে মৰাৰ চেষ্টা চলায় । কালি নিশা শিৱসাগৰ নগৰৰ দৰবাৰৰোড তিনিআলিত খুকুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কোঁৱৰপুৰৰ চফিৰুদ্দিদ ওৰফে ৰাজু নামৰ যুৱকজন।
মিঞা সম্প্ৰদায়ৰ মুনচিং নামৰ এজন যুৱকে খুকুৰীৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে ৰাজু ওৰফে চৰিফুদ্দিন নামৰ যুৱকজনক । মাত্ৰ বিশ টকাৰ বাবেই মুনসিং নামৰ ব্যক্তিজনে আক্ৰমণ কৰে চৰিফুদ্দিনক। গুৰুতৰভাৱে আহত চৰিফুদ্দিনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে পৰিয়ালৰ লোকে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আক্ৰমণকাৰী মুনসিং নামৰ ব্যক্তিজন বৰ্তমানেও পলাতক অৱস্থাত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
