লখিমপুৰ, ১৫ নৱেম্বৰ (হি.স.)। লখিমপুৰৰ বঙালমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।এখন তীব্ৰবেগী ড্ৰম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী।
নিহত বাইক আৰোহীজন বঙালমৰাৰ টুফাইজুল ৰহমান ওৰফে টুফা বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি তীব্ৰ বেগেৰে অহা এ এছ ০৭ বিচি ৩৪১৮ নম্বৰৰ এখন ডাম্পাৰে মহতিয়াই নিয়ে এজন বাইক আৰোহীক। ফলত থিতাতে নিহত হয় টুফা নামৰ বাইক আৰোহী জন। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
