কামৰূপ, ১৫ আগষ্ট (হি.স.)। স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই’নভা আৰু স্কুটীৰ মাজত সংঘটিত দূৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় স্কুটী আৰোহী জন।
জানিব পৰামতে ৰঙিয়া অভিমুখে গৈ আছিল ই’নভা বাহন খন ঠিক সেই সময়তে একে দিশৰ পৰা অহা স্কুটীখনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ই’নভা বাহণখনত। ফলত গুৰুতৰ ভাৱে আহত হয় স্কুটী আৰোহী জন।পৰৱৰ্তী সময়ত ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হৈ স্কুটী আৰোহী জনক সংকটজনক অৱস্থাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
