নগাঁও, ১৮ অক্টোবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো তুংগত উঠিছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি। কলিয়াবৰৰ আমনিত আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰা হৈছে হৈছে পূজা মণ্ডপ।
পূজা মণ্ডপত পাহৰৰ দাঁতিৰ আশ্ৰম সদৃশ পৰিৱেশৰ উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে আমনি সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। দুৰ্গা পূজা সমিতিখনৰ কৰ্মকৰ্তা সকলে নিজেই সাজি উলিয়াইছে ব্যতিক্ৰমী পূজা মণ্ডপটি। পাহাৰৰ দাঁতিৰ জুৰিৰ পৰা গছ-লতিকালৈকে সকলো উপস্থাপন কৰি নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপটি।
