নলবাৰী, ১০ অক্টোবৰ (হি.স.): মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। এইক্ষেত্ৰত নলবাৰী জিলাৰ মুকালমুৱাত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাৱীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছৰ মমশিখা সমদল উলিওৱা হয়।
নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত ন্যায় বিচাৰি এই মমশিখা সমদল উলিয়াই কংগ্ৰেছ দলে। বৰক্ষেত্ৰীৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা এই সমদলত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ লগতে কংগ্ৰেছ কৰ্মী সকলে অংশগ্ৰহণ কৰে। সমদলৰ পূৰ্বে অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গৰ বাটৰে শেষতে গীতটো গাই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
