মানকাচৰ, ১৭ অক্টোবৰ (হি.স.)। হাটশিঙিমাৰীৰ চৰাঞ্চলৰ উম্মক্ত ভাৰত-বাংলা সীমান্তত বিএছ এফ ৰ অভিযান। কালি নিশা বিএছ এফ ৰ অভিযানত বৃহৎ সংখ্যক গৰু ম”হ সহ আটক তিনিজন চোৰাং গৰু ম”হ সৰবৰাহকাৰী।
বাংলাদেশত চোৰাংকৈ গৰু ম”হ সৰবৰাহৰ সময়ত বিএছ এফ য়ে আটক কৰে চোৰাং গৰু ম”হ সহ সৰবৰাহকাৰী।ধৃত চোৰাং গৰু ম”হ সৰবৰাহকাৰী তিনিজন সুখচৰ থানা এলেকাৰ বৰবালু গাঁৱৰ মোহমদুল হুছাইন,ছটো হৰিপুৰ গাঁৱৰ মুখতাৰ আলী আৰু আকন্দেৰ চৰৰ আমিনুল ইছলাম বুলি জানিব পৰা গৈছে। বিএছ এফ ৰ অভিযান সৰবৰাহকাৰী তিনিজনৰ পৰা ১০ টা ম”হ আৰু ২ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি,বিএছ এফ য়ে সৰবৰাহকাৰী তিনিজন সহ গৰু ম”হ কেইটা সুখচৰ থানাত চমজাই দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
