
যোৰহাট, ২৮ নৱেম্বৰ (হি.স.): যোৰহাট জিলাৰ মৰিয়নি নকছাৰিত গাড়ী সহ পশুধন জব্দ কৰা হৈছে। আজি শুকুৰবাৰে পুৱা প্ৰায় চাৰি বজাত দেবেৰাপাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এটা গৰু সহ এএছ ০৩ এচি নম্বৰৰ এখন টাটা এচ চি বাহন জব্দ কৰে। এই সন্দৰ্ভত চাৰি জন লোকক আটক কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি তিতাবৰ অঞ্চলত ঘূৰি ফুৰা এটা ষাৰ গৰু স্থানীয় লোকে নজনাকৈ ৰাতিয়েই গাড়ীত ভৰাই মৰিয়নিৰ মাজেদি দেবেৰাপাৰ পাৰ হৈ টিয়কলৈ লৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে। দেৱেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি দলে পুৱা দেবেৰাপাৰ চাৰিআলিত আটক কৰে গৰুসহ বাহন খনৰ। এই সন্দৰ্ভত চাৰি জন লোক ক্ৰমে তিতাবৰৰ যদু বৰা, বিনন্দ বৰা, শ্বৰীফ আলি আৰু ৰফিউল হুছেইনক আটক কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
